নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডকালত এণ্টার্কটিকালৈ প্রথম বিমান

পুনৰ চলিব তুষাৰাবৃত মহাদেশত গৱেষণা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ তুষাৰাবৃত মহাদেশ এণ্টার্কটিকালৈ প্রথমখন আমেৰিকান বিমানে আৰম্ভ কৰিছে যাত্রা৷ এণ্টার্কটিকাত আন্ধাৰৰ মাহ আৰম্ভ হোৱাৰ লগে লগে ক’ভিড–১৯ প্রতিৰোধী সকলো ব্যৱস্থা লৈ মার্কিন বিমানখনে যাত্রা আৰম্ভ কৰিছে৷

উল্লেখনীয় যে ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা পৃথিৱীত এতিয়ালৈকে মুক্ত হৈ থকা মহাদেশখন হৈছে এণ্টার্কটিকা৷ মহাদেশখনত বিভিন্ন গৱেষণা চলাই থকা বিজ্ঞানীসকলৰ প্রৱেশ–প্রস্থানত যাতে ক’ভিড সংক্রমণ নঘটে সেই বিষয়টোত গুৰুত্ব প্রদান কৰা হৈছে৷ মার্কিন বায়ুসেনাৰ বিমানখনে নিউজিলেণ্ডৰ চহৰ ক্রাইষ্টচার্চৰ পৰা ১০৬গৰাকী যাত্রী আৰু কেইবাগৰাকীও কর্মীসহ উৰা মাৰিছে৷ আমেৰিকাৰ এণ্টার্কটিকা গৱেষণা কার্যসূচী প্রতিনিধি টনী জার্মানে নিউজিলেণ্ডৰ চহৰখনত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে৷

স্মর্থব্য যে প্রচণ্ড ধুমুহাৰ বাবে বিমানখনৰ যাত্রাৰ সময় তিনি সপ্তাহ পিছুৱাই দিয়া হৈছিল৷ ইয়াৰ ফলত যাত্রীসকলৰ কোৱাৰেণ্টাইন ৬ সপ্তাহলৈ বৃদ্ধি কৰিবলগীয়া হৈছিল বুলিও জার্মানে উল্লেখ কৰিছে৷ ক’ভিড প্রট’কল মানি এণ্টার্কটিকালৈ মার্কিন বায়ু সেনাৰ ব’য়িং চি–১৭ গ্ল’বমাষ্টাৰে উৰা মৰাৰ লগে লগে সংবাদ মাধ্যমত বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ স্মর্তব্য যে এণ্টার্কটিকা সন্দর্ভত ধাৰাবাহিক গৱেষণাত এইবাৰ ক’ৰোনা ভাইৰাছে বিলম্ব ঘটাইছে৷

You might also like