নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’বেল শান্তি বঁটাৰ বাবে মনোনীত ট্রামৰ নাম

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ দুই বৈৰী ৰাষ্ট্র ইজৰাইল আৰু সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ৰ মাজত ঐতিহাসিক শান্তি চুক্তি সম্ভৱ কৰি তোলা বাবে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক ২০২১ চনৰ ন’বেল শান্তি বঁটাৰ বাবে মনোনীত কৰা হৈছে৷

এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা অনুসৰি আগন্তুক ১৫ ছেপ্ঢেম্বৰত হোৱাইট হাউছত আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশে সম্পর্ক স্বাভাৱিক কৰি তুলিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিব৷ উল্লেখনীয় যে দুয়োখন বৈৰী ৰাষ্ট্রক দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰি তুলিবলৈ ওচৰ চপাই আনিছে ড’নাল্ড ট্রাম্পে৷

বিগত ২৬ বছৰ ধৰি আৰব ৰাষ্ট্রৰ সৈতে ইজৰাইলৰ সম্পর্ক বিঘ্ণিত হৈ আছিল৷ ২৬ বছৰ পাছত ইহুদী দেশখনৰ সৈতে ঐতিহাসিক সম্পর্ক স্থাপন হৈছে ইউ এ ইৰ৷ ফক্স নিউজৰ প্রতিবেদন অনুসৰি নৰৱে’ৰ এগৰাকী ৰাজনীতিকে ন’বেল শান্তি বঁটাৰ বাবে ট্রাম্পৰ নাম মনোনীত কৰিছে৷

You might also like