নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখকাৰী ২০ ডিগ্ৰী চেলছিয়াছ অতিক্রম এণ্টার্কটিকাত

বিশ্বৰ বৃহত্তম বৰফ ভাণ্ডাৰলৈ ভাবুকি

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ গোলকীয় উষ্ণতাৰ বিৰূপ প্রভাৱ বিশ্বৰ বৃহত্তম বৰফৰ ভাণ্ডাৰ এণ্টার্কটিকাতো স্পষ্ট হৈ পৰিছে৷ জলবায়ু পৰিৱর্তনৰ প্রচণ্ড ভাবুকি কঢ়িয়াই আনি এণ্টার্কটিকাত তাপমাত্রাই অভিলেখ গঢ়িলে৷ প্রথমবাৰৰ বাবে এণ্টার্কটিকাত ২০ ডিগ্রী চেলছিয়াছ (৬৮ ফাৰেনহাইট) অতিক্রম কৰিলে৷ প্রতি তিনি দিনৰ মূৰে মূৰে এণ্টার্কটিকাত তাপমাত্রা নিৰীক্ষণ কৰি থকাৰ সময়তে যোৱা ৯ ফেব্রুৱাৰীত অঞ্চলটোৰ তাপমাত্রা প্রথমবাৰৰ বাবে ২০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰি ২০.৭৫ ডিগ্রী চেলছিয়াছ লিপিবদ্ধ কৰিলে৷ ব্রাজিলৰ বিজ্ঞানীয়ে প্রকাশ কৰা মতে, ১৯৮২ চনত এণ্টার্কটিকাৰ ছিগনী দ্বীপত তাপমাত্রা সর্বাধিক ১৯.৮ ডিগ্রী চেলছিয়াছ লিপিবদ্ধ কৰা হৈছিল৷ ৩৮ বছৰ পাছত তাপমাত্রা বৃদ্ধিয়ে এণ্টার্কটিকাত অভিলেখ গঢ়িলে৷ উল্লেখ্য যে বৰফৰ বিশাল ভাণ্ডাৰ এণ্টার্কটিকাত সর্বনিম্ন –৮৯.২ ডিগ্রী চেলছিয়াছ তাপমাত্রাৰ অভিলেখ আছে৷ এণ্টার্কটিকাত তাপমাত্রা বৃদ্ধিয়ে অঞ্চলটোৰ লগতে পৃথিৱীৰ মহাসাগৰৰ জল পৃষ্ঠলৈও অশনি সংকেত কঢ়িয়াই অনাৰ সম্ভাৱনা আছে৷

You might also like