নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ সোণভদ্রাত আছে ৩৩৫০ টন সোণৰ ভাণ্ডাৰ

মানচিত্র অংকনৰ বাবে খনি বিভাগৰ সাতজনীয়া কমিটী

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ উত্তৰ প্রদেশৰ সোণভদ্রা জিলাত ওলাইছে সোণৰ ভাণ্ডাৰ ৷ ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই) আৰু উত্তৰ প্রদেশ ভূতত্ত্ব তথা খনি বিভাগৰ সঞ্চালকালয়ে জিলাখনৰ ভূগর্ভত বৃহৎ পৰিমাণৰ সোণ থকা বুলি ঘোষণা কৰিছে ৷ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি জিলাখনৰ সোণপাহাৰী আৰু হার্দিত জমা হৈ আছে ৩৩৫০ টন সোণ ৷ ইয়াৰে ২৭০০ সোণ সোণপাহাৰীত থকাৰ বিপৰীতে হার্দিত আছে ৬৫০ টন সোণ ৷ জিলা খনি বিষয়া কে কে ৰায়ে উল্লেখ কৰা অনুসৰি ইতিমধ্যে ৰাজ্যখনৰ খনি বিভাগে সোণভদ্রা পৰিদর্শনৰ বাবে ৭জনীয়া এক কমিটী গঠন কৰিছে ৷ এই কমিটীয়ে সোণ থকা স্থানৰ মানচিত্র অংকন কৰিব ৷

You might also like