নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ক’ভিড–১৯ যুঁজত আন দেশতকৈ ভাৰতৰ স্থিতি অধিক উন্নত’

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ভাৰত চৰকাৰে ধর্ম, বিশ্বাস, লিংগ, জাতি, ভাষাৰ মাজত বৈষম্য নকৰে৷ চৰকাৰৰ নির্দেশক পোহৰ হৈছে দেশৰ সংবিধান৷ অর্থাৎ সংবিধান আমাৰ নির্দেশ পোহৰ৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ কেৰালাৰ পাথনমথিট্টাৰ ডাঃ যোছেফ মাৰ থ’মাছ মেট্র’পলিটানৰ ৯০সংখ্যক জন্মবার্ষিকী উপলক্ষে ভিডি’ কনফাৰেন্সযোগে অনুষ্ঠান সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য কৰি কয় যে ১৩০ কোটি ভাৰতীয়ৰ সবল আকাংক্ষাৰ দ্বাৰা আমাৰ চৰকাৰ পৰিচালিত আৰু আমাৰ চৰকাৰৰ নির্দেশক পোহৰ হৈছে দেশৰ সংবিধান৷ ইপিনে দিল্লীৰ চৰকাৰী কার্যালয়ত বহি তেওঁলোকৰ চৰকাৰে কোনো সিদ্ধান্ত নলয় বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ জনতাৰ তৃণমূল পর্যায়ৰ আধাৰতহে সিদ্ধান্ত গ্রহণ কৰা হয়৷

মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ক’ভিড–১৯ যুঁজত বিশ্বৰ আন দেশৰ তুলনাত ভাৰতৰ স্থিতি অধিক উন্নত৷ দেশৰ সুস্থতাৰ হাৰ বৃদ্ধি পাই আছে৷ জনতাকেন্দ্রিক যুঁজৰ বাবে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে৷ দেশবাসীয়ে এতিয়াও ক’ভিড–১৯ যুঁজত নিজকে উৎসর্গিত কৰি আহিছে৷ সম্প্রতি দেশৰ জনতা অধিক সজাগ হৈছে৷ আনপিনে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক পুনৰ আহ্বান জনাই কয় যে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বর্তাই ৰখা আৰু জনসমাগম স্থানৰ পৰা নিজকে আঁতৰাই ৰখাটো প্রাধান্য দিব লাগিব৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে ডাঃ যোছেফ মাৰ থ’মাছৰ স্বাস্থ্য সেৱা আৰু শিক্ষাৰ ক্ষেত্রত আগবঢ়াই যোৱা অৱদানৰ বিষয়েও উল্লেখ কৰে৷ থ’মাছ আৰু দেশৰ উন্নতিৰ হকে জীৱন উৎসর্গা কৰা যোছেফ মাৰৰ আদর্শ সদায়ে উজলি থাকিব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷

You might also like