নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বাতৰি পোহৰলৈ অনা চীনৰ দুই সাংবাদিক সন্ধানহীন

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি শংকাৰ সৃষ্টিকাৰী ক’ৰোনা ভাইৰাছৰ বাতৰি পৰিৱেশন কৰা চীনৰ দুগৰাকী সাংবাদিক সন্ধানহীন হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দেশখনৰ য়ুহান প্রদেশত উদ্ভৱ ঘটা ক’ৰোনা ভাইৰাছৰ বাতৰি প্রচাৰ কৰি চীনৰ চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰাৰ বাবে সাংবাদিক দুজনক প্রশাসনে অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে৷ চীনৰ য়ুহান প্রদেশৰ চিকিৎসালয়ত পর্যাপ্ত সুবিধা নথকাৰ বাতৰি ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰা ছেন কুইছি নামৰ মানৱ অধিকাৰ অধিবক্তা তথা মুক্ত সাংবাদিকজন যোৱা ৬ ফেব্রুৱাৰীৰ পৰা সন্ধানহীন হৈছে৷ উল্লেখ্য যে ছেনে যোৱা ২৪ জানুৱাৰীৰ পৰা ক’ৰোনা ভাইৰাছ আক্রান্ত অঞ্চলত চৰকাৰৰ হেমাহিৰ কথা ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰি আহিছিল৷ ৩৪ বছৰীয়া ছেনৰ এই পদক্ষেপক লৈ স্থানীয় প্রশাসন ক্ষুণ্ণ হৈছিল আৰু তাৰ পৰিণতিতেই হয়তো ছেনক অপহৰণ কৰা হৈছে৷ আনপিনে য়ুহানৰ ব্যৱসায়ী ফেং বিন নামৰ সচেতন লোকজনো বিগত চাৰি দিন ধৰি সন্ধানহীন হৈ আছে৷ ছেনৰ দৰেই ফেং বিনেও ক’ৰোনা ভাইৰাছত আক্রান্ত অঞ্চলৰ বাতৰি ইউ টিউবযোগে প্রচাৰ কৰি আহিছিল৷ যোৱা ২৫ জানুৱাৰীত ফেং বিনে আপলোড কৰা এটি ভিডি’ আনকি চীনৰ প্রশাসনে নিষিদ্ধ কৰি দিছিল৷ এই সন্দর্ভত ফেং বিনক স্থানীয় আৰক্ষীয়ে সোধা–পোছা কৰি এৰি দিয়ে যদিও পিছলৈ পুনৰ ৯ ফেব্রুৱাৰীত ফেং বিনে আন এটি ভিডি’ আপলোড কৰে৷ ইয়াৰ পাছতেই ফেং বিন সন্ধানহীন হৈ পৰে৷ দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰা দুই সাংবাদিক সন্ধানহীন হোৱাক লৈ চীনা কর্তৃপক্ষই কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷

You might also like