নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বছৰৰ ভিতৰত নির্মাণ সম্পূর্ণ হ’ল মানালি–লেহ সংযোগী ‘অটল সুৰংগ’ৰ

সাগৰ পৃষ্ঠৰ ১০ হাজাৰ ফুট উচ্চতাত বিশ্বৰ দীর্ঘতম সুৰংগ ঘাইপথ

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   বিশ্বৰ দীর্ঘতম ঘাইপথ সুৰংগ ‘অটল সুৰংগ’ৰ নির্মাণ সম্পূর্ণ হৈ উঠিছে৷ হিমাচল প্রদেশৰ মানালিৰ পৰা লেহ সংযোগী এই অটল সুৰংগ সাগৰ পৃষ্ঠৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত নির্মাণ কৰা হৈছে৷ ৯.০২ কিলোমিটাৰ দৈর্ঘ্যৰ এই সুৰংগটোৰ নাম প্রাৰম্ভিক অৱস্থাত ৰোহতাং সুৰংগ হিচাপে আছিল যদিও পিছলৈ ইয়াৰ নামকৰণ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ নামেৰে অটল সুৰংগ কৰা হয়৷ ২০১০ চনৰ ২৮ জুনত নির্মাণৰ কাম আৰম্ভ কৰা অটল সুৰংগটোৰ ৬ বছৰৰ ভিতৰতে অটল সুৰংগটো নির্মাণ সম্পূর্ণ কৰাৰ পৰিকল্পনা আছিল যদিও এই সুৰংগটো দহ বছৰৰ ভিতৰত নির্মাণ সম্পূর্ণ হৈছে৷ প্রায় ৫০০ কোটি মার্কিন ডলাৰ ব্যয়সাপেক্ষ এই সুৰংগটোৰ নির্মাণৰ দায়িত্বত আছে ব’ডাৰ ৰোডছ অর্গেনাইজেচন (বি আৰ অ’)৷ দুই লেনযুক্ত এই সুৰংগটোৰ প্রতি ৬০ মিটাৰত চিচি টিভি কেমেৰা সংযুক্ত কৰা হৈছে আৰু প্রতি ৫০০ মিটাৰৰ মূৰে মূৰে প্রস্থান গেট ৰখা হৈছে৷ এই সুৰংগটোৰে যাত্রা কৰিলে মানালি আৰু লেহৰ মাজত দূৰত্ব ৪৬ কিলোমিটাৰ হ্রাস পাব লগতে যাত্রাৰ সময় ৪ ঘণ্টা হ্রাস পাব৷ সুৰংগটোত যান–বাহনে প্রতি ঘণ্টাত ৮০ কিলোমিটাৰ বেগত যাত্রা কৰিব পাৰিব৷ যিকোনো অগ্ণিকাণ্ড নির্বাপণৰ কাৰণে সুৰংগটোত অগ্ণিনির্বাপক সঁজুলি সংযুক্ত কৰা হৈছে৷ সুৰংগটোৰ প্রস্থ ১০.৫ মিটাৰ৷ ইয়াৰ মাজত ১ মিটাৰৰ দুয়োকাষে পদপথ আছে৷ অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰা এই সুৰংগটো লক্ষণীয়ভাৱে দুয়োমূৰৰ পৰা নির্মাণ কৰা হৈছে৷ অটল সুৰংগ প্রকল্পৰ সঞ্চালক কর্নেল পৰীক্ষিত মেহেৰাই প্রকাশ কৰা মতে, সুৰংগটো নির্মাণৰ ক্ষেত্রত অনেক বিশেষজ্ঞৰ সহায় লোৱাৰ লগতে বিশেষজ্ঞৰ দ্বাৰা নির্মাণ সম্পূর্ণ কৰা হৈছে৷

You might also like