নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০–২১ত ভাৰতৰ অর্থনীতি হ্রাস পাব ৯ শতাংশলৈ

এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  ক’ভিড–১৯সৃষ্ট পৰিৱেশে দেশৰ অর্থনীতিত ভয়াৱহ প্রভাৱ পেলাইছে৷ বিত্তীয় বর্ষ ২০২০–২১ত দেশৰ অর্থনীতি দুর্বল হৈ পৰিব৷ বর্ষটোত দেশখনৰ অর্থনীতি ৯ শতাংশ নিম্নগামী হ’ব৷ এই সম্ভাৱনা প্রকাশ কৰিছে এছিয়ান ডেভেলপমেণ্ট বেংক (এ ডি বি)–এ৷ বেংকে প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা মতে ক’ৰোনা ভাইৰাছে বিধ্বস্ত কৰা দেশৰ অর্থনীতি ৯ শতাংশ নিম্নগামী হ’ব৷ বিগত চাৰিটা দশকৰ ভিতৰত ভাৰতৰ অর্থনৈতিক বিকাশ এনে সংকটৰ সন্মুখীন হ’ব৷ এডিবিৰ মুখ্য অর্থনীতিবিদ য়াছুয়ুকি ছাৱাদাই প্রকাশ কৰা মতে, ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ভাৰতে কঠোৰ লকডাউন বলৱৎ কৰাৰ বাবে অর্থনৈতিক কার্যকলাপত ভয়াৱহ প্রভাৱ পৰিছে৷ এনে কাৰণতেই দেশৰ অর্থনীতি নিম্নগামী হৈছে আৰু চলিত বর্ষত ইয়াৰ প্রভাৱ থাকিব৷ অৱশ্যে মহামাৰী ক’ভিড–১৯ক নিয়ন্ত্রণ কৰি অর্থনৈতিক কার্যকলাপ বৃদ্ধি কৰিব পাৰিলে বর্ষটোত অর্থনীতি শক্তিশালী ৰূপত পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷ প্রতিবেদনত উল্লেখ কৰা মতে, ২০২০ৰ এপ্রিলৰ পৰা ২০২১ৰ মার্চলৈকে মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৯ শতাংশ নিম্নগামী হ’ব৷ যিটো জুন মাহত আশংকা কৰা হৈছিল, তাতকৈ অধিক৷ উল্লেখ্য যে এডিবিৰ পূর্বে এছ এণ্ড পি ৰেটিংছত ২০২০–২১ বিত্তীয় বর্ষত দেশৰ অর্থনীতি ৯ শতাংশ নিম্নগামী হ’ব বুলি প্রকাশ পাইছে৷

You might also like