নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ২২৫ টকাতে উপলব্ধ হ’ব অক্সফ’ৰ্ডৰ ভেকচিন

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ বিশ্বত প্রতিনিয়ত বৃদ্ধি পাই গৈ আছে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ ভয়ংকৰ হাৰত হোৱা এই সংক্রমণ নিয়ন্ত্রণলৈ আনিব পাৰিব একমাত্র ভেকচিন বা প্রতিষেধকে৷ কিন্তু বর্তমানপর্যন্ত গৱেষণাগাৰত ইয়াৰ কোনো ফলপ্রসূ সমাধান সূত্র ওলোৱা নাই৷ অৱশ্যে সম্ভাব্য কেইবাটাও ভেকচিন সম্প্রতি বিভিন্ন পর্যায়ত আছে৷ ইয়াৰ মাজতে ভাৰতৰ বাবে এটা সুখবৰ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দলে প্রস্তুত কৰা ক’ৰোনাৰ ভেকচিন ‘ক’ভিশ্বিল্ড’ৰ প্রতিটো ড’জ ভাৰতত প্রায় ২২৫ টকাতে উপলব্ধ হ’ব৷ এই কথা সদৰী কৰিছে ভাৰতৰ ক’ভিশ্বিল্ড উৎপাদনৰ দায়িত্ব লাভ কৰা পুনেস্থিত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷ এক বিবৃতিত প্রতিষ্ঠানটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ক’ভিশ্বিল্ডৰ প্রতিটো ড’জ ভাৰতত ৩ মার্কিন ডলাৰ (ভাৰতীয় মুদ্র হিচাপত প্রায় ২২৫ টকা)ত পোৱা যাব৷ উল্লেখ্য যে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই যোৱা বুধবাৰে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন আৰু গাভি দ্য ভেকচিন এলায়েন্সৰ সৈতে ১৫০ মিলিয়ন বা ১৫ কোটি মার্কিন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰিছে৷ এই ধনৰাশিৰে ২০২১ চনৰ শেষভাগত ভাৰত আৰু আন উন্নয়নশীল দেশৰ বাবে ১০০ মিলিয়ন বা ১০ কোটি ড’জ ক’ৰোনাৰ প্রতিষেধক প্রস্তুত কৰা হ’ব৷ উল্লেখ্য যে শেহতীয়াকৈ ড্রাগ কণ্ড্র’ল জেনেৰেল অৱ ইণ্ডিয়াই চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিনৰ দুই আৰু তৃতীয় পর্যায়ত ক্লিনিকেল ট্রায়েলৰ অনুমতি প্রদান কৰিছে৷

You might also like