নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় দিনৰ বাবেও ভয়াৱহ বানৰ কবলত মায়ানগৰী মুম্বাই

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ ২০০৫ চনৰ পাছত ভয়াৱহ বানৰ কবলত পৰিছে মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাই আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলসমূহ৷ কেইবাদিনো ধৰি চলি থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত কালি মুম্বাইৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে৷ আজি দ্বিতীয় দিনৰ বাবেও মায়ানগৰী মুম্বাইৰ ৰাজপথত তিনি–চাৰি ফুট উচ্চতালৈ পানী উঠিছে৷ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই বি এম চিৰ অধীনস্থ অঞ্চলসমূহৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে৷ ইফালে ৰত্নাগিৰি, সিন্ধুদুর্গ, পালঘৰ, কোলহাপুৰ, থানে আৰু ৰায়গড়ৰ জিলা উপায়ুক্তসকলক বান পৰিস্থিতিৰ পর্যালোচনা কৰিবলৈ কঠোৰ নির্দেশ দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক তিনি–চাৰি ঘণ্টাৰ ভিতৰতে মুম্বাইৰ বিভিন্ন স্থানত ঘণ্টাত ৭০ কিলোমিটাৰ বেগেৰে ধুমুহাই খুন্দিয়াব বুলি সতর্কবাণী কৰিছে৷ মুম্বাইত ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলার্ট৷

You might also like