নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুলৰ বাথৰুমত গোপন কেমেৰাঃ শিক্ষক-শিক্ষয়ত্ৰীৰ ভিডিঅ’ তুলি ব্লেকমেইলিং! পিছে ক’ত এই ঘটনা ?

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ বিদ্যালয়ৰ বাথৰুমত গোপন কেমেৰা লগাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ গোপনে ভিডিঅ’ তোলাৰ এক অভিযোগ উঠিছে। তাৰ পাছত সেই ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভয় দেখুৱাই দাবী জনাইছে, ”আপোনালোকে পৰৱৰ্তী বহু মাহলৈ বিনা পাৰিশ্রমিকে কাম কৰিব লাগিব। যদি ৰাজি নহয় তেন্তে আপোনালোকৰ এই ছবি আমি ছ’চিয়েল মিডিয়াত দিয়াৰ ব্যৱস্থা কৰিম।”

ৰ’ব এয়া কোনো অসত ব্যক্তি, সমাজবিৰোধী বা কোনো সংস্থাৰ কাম নহয়। বৰঞ্চ এই ঘটনা যোগী আদিত্য নাথ নেতৃতাধীন উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত বিদ্যালয়ৰ।

মেৰঠৰ এখন বেচৰকাৰী বিদ্যালয়ৰ কর্তৃপক্ষৰ বিৰুদ্ধে মাৰাত্মক অভিযোগ কৰিছে বিদ্যালয়খনৰে শিক্ষক-শিক্ষয়ত্ৰীসকলে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে স্কুল কর্তৃপক্ষই।

বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ সচিবৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দিছে বিদ্যালয়খনৰে ৫২ গৰাকীকৈ শিক্ষক-শিক্ষয়ত্ৰীয়ে।

কেৱল ইমানেই নহয় বিগত বহু মাহ বেতন অবিহনে শিক্ষাদান কৰি আহিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে। বকেয়া বেতন বিচাৰিলেই কর্তৃপক্ষৰ সৈতে বাকবিতন্দাৰ সৃষ্টি হৈছিল। তেনে সময়তে স্কুল কর্তৃপক্ষৰ এনে কাণ্ডত এতিয়া জাঙুৰ খাই উঠিছে সকলো বেতন বঞ্চিত শিক্ষক-শিক্ষয়ত্ৰী।

ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

You might also like