নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত গৃহীত সাংসদৰ ৩০ শতাংশ দৰমহা কর্তনৰ বিধেয়ক

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ চলিত সংসদৰ বর্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত গৃহীত হয় সাংসদৰ ৩০ শতাংশ দৰমহা কর্তনৰ বিধেয়ক৷ ক’ভিড–১৯ মহামাৰীক লৈ সৃষ্ট পৰিৱেশৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে মঙলবাৰে কেন্দ্রীয় চৰকাৰে লোকসভাত উত্থাপন কৰা সাংসদৰ দৰমহা ভাট্টা আৰু প্লেন্সন বিধেয়ক ২০২০ সর্বসন্মতভাৱে গৃহীত হয়৷

উল্লেখ্য যে উল্লিখিত বিধেয়কখনৰ অধ্যাদেশ চলিত বর্ষৰ প্রাৰম্ভতে কেন্দ্রীয় চৰকাৰে জাৰি কৰি ১ এপ্রিলৰ পৰা এবছৰ ধৰি প্রতিগৰাকী মন্ত্রীৰ ভাট্টা কর্তন কৰিছিল৷ ইয়াৰ পিছতেই কালি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে আৰু আজি গৃহীত হয়৷

তাৎপর্যপূর্ণ যে যোৱা ৫ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সাংসদ–মন্ত্রীৰ দৰমহাৰ ভাট্টা আৰু পেন্সন ৩০ শতাংশ হ্রাস কৰাৰ অধ্যাদেশখনৰ সংশোধনত অনুমোদন জনোৱা হৈছিল৷ কেবিনেটত সাংসদসকলৰ স্থানীয় অঞ্চল উন্নয়নৰ আঁচনি দুবছৰ ধৰি বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like