নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশত নীলা জোন… এই অক্টোবৰতে সকলোৱে দেখিব বিৰল মহাজাগতিক দৃশ্য

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ এক বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ’ব বিশ্ববাসী। ৩১ অক্টোবৰৰ নিশা আকাশত দেখা যাব এই দৃশ্য। সেইদিনা নিশাৰ আকাশত বিশ্বৰ প্ৰতিখন ঠাইৰ পৰাই টাইম জোন অনুসৰি দেখা যাব নীলা চন্দ্ৰ।

আচলতে উক্ত দিনা চন্দ্ৰৰ বৰণ নীলা নহ’ব, পূৰ্ণিমাত দেখা জোনৰ দৰেই ৰূপালী হ’ব ইয়াৰ বৰণ। নীলা চন্দ্ৰ এটা নামহে। এটা মাহতে দুবাৰ পূৰ্ণিমা হ’লে দ্বিতীয় পূৰ্ণিমাক আখ্যা দিয়া হয় নীলা চন্দ্ৰ বুলি। এইবাৰ অক্টোবৰ মাহৰ ১ তাৰিখ আৰু ৩১ তাৰিখে হ’ব পূৰ্ণিমা।

সেয়ে ৩১ অক্টোবৰৰ পূৰ্ণিমাক কোৱা হয় নীলা চন্দ্ৰ। কিন্তু এইবাৰৰ নীলা চন্দ্ৰৰ এটা বিশেষ তাৎপৰ্য আছে। সেয়া হ’ল বিশ্বৰ সকলো ঠাইৰ পৰা দ্বিতীয়টো পূৰ্ণিমা অৰ্থাৎ নীলা চন্দ্ৰ দেখা যাব।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অৰ্থাৎ ১৯৪৪ চনৰ পিছত বিশ্বৰ সকলো ঠাইতে একেলগে এটা পূৰ্ণিমা চোৱাৰ বিৰল ঘটনাৰ সন্মুখীন হ’ব বিশ্ববাসী। ভাৰতসহ এছিয়া মহাদেশৰ অন্যান্য ঠাইৰ লগতে ইউৰোপ, উত্তৰ-দক্ষিণ আমেৰিকাতো দেখা যাব নীলা চন্দ্ৰ বা এটা মাহৰ দ্বিতীয়টো পূৰ্ণিমা।

উল্লেখ্য ১৯৪৬ চনত স্কাই এণ্ড টেলিস্কোপ পত্ৰিকাত প্ৰথমবাৰৰ বাবে একেটা মাহৰ দ্বিতীয়টো পূৰ্ণিমাক নীলা চন্দ্ৰ আখ্যা দিয়া হৈছিল। আনহাতে বেছিভাগ বছৰতে ১২টা পূৰ্ণিমা হয় যদিও ২০২০ত হ’ব ১৩টা পূৰ্ণিমা। উক্ত দিনাই আকৌ খ্ৰীষ্টানসকলৰ পৱিত্ৰ উৎসৱ হলোউইন।

You might also like