নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-চীন সীমান্ত উত্তেজনাৰ মাজতেই ২ দিনৰ লাদাখ ভ্ৰমণত সেনাপ্রধান নৰৱানে

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ চীন-ভাৰত সীমান্তত উত্তেজনাৰ মাজতেই ২ দিনৰ লাদাখ ভ্ৰমণত সেনাপ্রধান জেনেৰেল এমএম নৰৱানে। সেনাৰ সূত্রই খবৰ অনুসৰি, সেনাপ্রধানগৰাকীয়ে লাদাখত ফিল্ড অফিছাৰসকলৰ সৈতে মত বিনিময় কৰিব। লগতে পৰ্যব্যক্ষণ কৰিব ভাৰতীয় সেনাৰ প্রস্তুতি।

বৃহস্পতিবাৰে পুৱাই লেহত উপস্থিত হয়গৈ সেনাপ্রধানগৰাকী। পূর্ব লাদাখৰ পেংগং লেকৰ দক্ষিণ প্রান্তত অৱস্থিত গুৰুত্বপূর্ণ অঞ্চলৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভতো পৰ্যব্যক্ষণ কৰিব তেওঁ। তাতেই ফিল্ড কমাণ্ডাৰসকলৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰিব সেনাপ্ৰধানগৰাকীয়ে।

You might also like