নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬নং দফা কমিটীৰ প্রতিবেদন আইনজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাবলৈ ৰাজ্য চৰকাৰক নির্দেশ

দিল্লীত মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ   অসম চুক্তিৰ ৬নং দফা সন্দর্ভত গঠিত উচ্চ পর্যায়ৰ কমিটীয়ে দাখিল কৰা প্রতিবেদনখন বিশিষ্ট আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ বিশিষ্ট আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাৰ অন্তত উচ্চ পর্যায়ৰ কমিটীৰ কোনো পৰামর্শত কিবা সংশোধনৰ প্রয়োজন আছে নে নাই, সেই বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্রক অৱগত কৰাব৷ দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ অসম চুক্তিৰ ৬নং দফাৰ উপৰি অসমৰ কেইবাটাও গুৰুত্বপূর্ণ বিষয় আৰু জ্বলন্ত সমস্যাই স্থান লাভ কৰা বৈঠকখন সন্ধিয়া প্রায় ৬ বজাত অনুষ্ঠিত হৈছিল৷ প্রায় এঘণ্টা ১৫ মিনিট ধৰি চলা বৈঠকৰ অন্তত ৭.১৫ বজাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসভৱনৰ পৰা ওলাই আহে৷ ইয়াৰ ঠিক ২০ মিনিট পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসভৱনৰ পৰা বাহিৰলৈ আহি সংবাদ মাধ্যমৰ মুখামুখি হয় বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ সংবাদ মাধ্যমৰ আগত তেওঁ গুৰুত্বপূর্ণ বৈঠকখন সন্দর্ভত সবিশেষ সদৰী কৰি কয় যে এই বৈঠকত অসম চুক্তিৰ ৬নং দফাৰ প্রতিবেদনৰ ওপৰত আলোচনা হয়৷ এই প্রতিবেদনখনত কিছু সংবিধান আৰু আইনৰ মৌলিক পৰিৱর্তনৰ কথা কোৱা হৈছিল৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নির্দেশ দিছে যে ৰাজ্য চৰকাৰে প্রতিবেদনখন বিশিষ্ট আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰিব লাগে৷ প্রতিবেদনত সন্নিৱিষ্ট কোনো পৰামর্শত যদি কিবা পৰিৱর্তন বা সংশোধনৰ প্রয়োজন আছে বা নাই– এই গোটেইখিনি দিশ অধ্যয়নৰ পাছত কেন্দ্রীয় চৰকাৰক সবিশেষ অৱগত কৰাব লাগিব৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্রক প্রতিবেদন দাখিলৰ সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ বিপৰীতে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উত্তৰ আছিল এনেধৰণৰ– কেন্দ্রীয় চৰকাৰৰ ওচৰত এখন প্রতিবেদন আহিব আৰু সেইখন কিবা কাৰণত সংশোধনৰ কাৰণে পঠিয়াই দিবলগীয়া হ’ব, সেইটো কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিচৰা নাই৷ কিয়নো সেইটো হ’লে অসমৰ ৰাইজৰ মাজলৈ এটা ঋণাত্মক বার্তা যাব পাৰে৷ সেয়েহে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রতিবেদনখন কোনোবা আইনজ্ঞৰ হতুৱাই এবাৰ ভালকৈ পঢ়ি–শুনি পৰীক্ষা কৰি চোৱাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নির্দেশ দিছে৷ যদি কিবা সংশোধনৰ প্রয়োজন আছে, তেন্তে প্রতিবেদনখন সংশোধিত ৰূপত দিয়ক আৰু যদি নাই, যেনেকৈ আছে তেনেকৈয়ে দিয়ক৷ প্রতিবেদন দাখিলৰ সময়সীমা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেই নির্ধাৰণ কৰিব৷ তদুপৰি প্রতিবেদনখন আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাৰ পূর্বৰে পৰাই এক ব্যৱস্থা আছে৷

এই বৈঠকত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি), ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু শেহতীয়াকৈ স্বাক্ষৰিত বি টি আৰ চুক্তিৰ প্রসংগয়ো স্থান লাভ কৰা বুলি সদৰী কৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এন আৰ চি সন্দর্ভত হোৱা আলোচনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এন আৰ চিক লৈ সীমান্তৱর্তী জিলাত ২০ শতাংশ আৰু আন জিলাসমূহত ১০ শতাংশ পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত যি শপতনামা দাখিল কৰিছিল, তাত কেন্দ্রীয় চৰকাৰে সমর্থন দিয়াৰ সিদ্ধান্ত আজি গ্রহণ কৰা হৈছে৷ পৰৱর্তী তাৰিখত উচ্চতম ন্যায়ালয়ত যেতিয়া এই গোচৰটো লিপিবদ্ধ হ’ব, তেতিয়া কেন্দ্র–ৰাজ্য উভয় চৰকাৰে এই দিশটো উচ্চতম ন্যায়ালয়ত দাঙি ধৰাৰ বাবে আজি সিদ্ধান্ত গ্রহণ কৰে৷ জনজাতিকৰণৰ বাবে ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে উত্থাপন কৰি অহা দীর্ঘদিনীয়া দাবীৰ বিষয়টো বৈঠকত স্থান লাভ কৰাৰ কথা উল্লেখ কৰি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্য চৰকাৰৰ মন্ত্রীগোটৰ প্রতিবেদন অহা এমাহৰ ভিতৰত সম্পূর্ণ কৰি কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰাৰ বাবে নির্দেশ দিছে৷ সেইদৰে শেহতীয়াকৈ স্বাক্ষৰিত বি টি আৰ চুক্তিৰ ক্ষিপ্র ৰূপায়ণৰ বিষয়টোক লৈও আজিৰ বৈঠকত আলোচনা হোৱা বুলি তেওঁ সদৰী কৰে৷ বিত্তমন্ত্রী ড০ শর্মাই সদৰী কৰা মতে, বি টি আৰ চুক্তিৰ কেইবাটাও দফা ক্রিয়ান্বিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ বাবে কেন্দ্র–ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি কাম কৰিবলগীয়া আছে, সেয়া এমাহৰ ভিতৰত এটা নির্দিষ্ট সময়সীমা লৈ ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় বুলি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়ে৷ ইফালে আজিৰ বৈঠকত ৰাজনৈতিক প্রসংগই স্থান লাভ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ণ স্পষ্টভাৱে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নস্যাৎ কৰে৷ এই সন্দর্ভত তেওঁ কয় যে আজিৰ বৈঠকত কেন্দ্রীয় গৃহ সচিব–সম চৰকাৰৰ মুখ্য সচিবকে ধৰি শীর্ষস্থানীয় বিষয়াবর্গ উপস্থিত আছিল৷ এনে এখন বৈঠক নিশ্চিতভাৱে ৰাজনৈতিক হ’ব নোৱাৰে৷ কালি নাগালেণ্ডক লৈ বৈঠক অনুষ্ঠিত হৈছিল আৰু আজি অসমক লৈ বৈঠক অনুষ্ঠিত কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কাইলৈ মণিপুৰ আৰু ত্রিপুৰাৰ প্রসংগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বৈঠকত মিলিত হ’ব৷ প্রধানতঃ এই ৰাজ্যকেইখনৰ উগ্রপন্থী সংগঠনৰে বিগত সময়ছোৱাত সম্পাদিত চুক্তিক লৈয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চাৰিটা দিনত বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ কালি নাগালেণ্ডৰ শান্তি চুক্তিৰ ওপৰত বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমগ্র বিষয়টো গঠনমূলকভাৱে আগবাঢ়ি আছে৷ ইফালে আজিৰ বৈঠকখন সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূর্ণ বিষয় আৰু জ্বলন্ত সমস্যাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ আলোচনাৰ সময়ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যৰ সমস্যাৰাজিক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰি সেইসমূহ সমাধানৰ বাবে যথোচিত পদক্ষেপ লোৱা হ’ব বুলি আশ্বাস প্রদান কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা আলোচনা অত্যন্ত উৎসাহজনক আৰু ফলপ্রসূ আছিল বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মন্তব্য কৰে৷ আজিৰ এই আলোচনাৰ সময়ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া আৰু কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল৷

You might also like