নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ টাছমানিয়া উপকূলত ৩৮০টা দুষ্প্রাপ্য তিমিৰ শোকাৱহ মৃত্যু

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  অষ্ট্রেলিয়াৰ টাছমানিয়া উপকূলত আবদ্ধ হৈ পৰা ৩৮০টা দুষ্প্রাপ্য পাইলট তিমিৰ শোকাৱহ মৃত্যুৱে বিশ্বৰ প্রকৃতিপ্রেমীসকলক হতচকিত কৰি তুলিছে৷ দক্ষিণ অষ্ট্রেলিয়াত প্রায় ৪৩০টা দুষ্প্রাপ্য প্রজাতিৰ তিমি উপকূলৰ তীৰত আবদ্ধ হৈ পৰিছিল৷ এই তিমিবোৰক নিৰাপদে গভীৰ সমুদ্রলৈ ওভতাই পঠিওৱাৰ প্রচেষ্টা চলোৱা হৈছিল যদিও ৫০টাৰহে জীৱন ৰক্ষা কৰাটো সম্ভৱ হয়৷ বাকী আটাইবোৰ তিমিৰ মৃত্যু হৈছে৷ তিমিৰ বধ্যভূমিত পৰিণত হৈছে টাছমানিয়া উপকূল৷ আজি ছিডনীত বন্যপ্রাণী সুৰক্ষা বিষয়াই সদৰী কৰা অনুসৰি এয়া দেশখনত তিমিৰ সমূহীয়া মৃত্যুৰ প্রথমটো ভয়াৱহ ঘটনা৷ টাছমানিয়াৰ উদ্যান তথা বন্যপ্রাণী সেৱা সংস্থাৰ প্রবন্ধক নিক ডেকাই উল্লেখ কৰা অনুসৰি উপকূলৰ তীৰত এতিয়াও ৩৮০টা মৃত তিমি পৰি আছে৷ সমূহীয়াকৈ এই তিমিবোৰৰ মৃত্যুৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই৷ উল্লেখনীয় যে সমুদ্রৰ ঢ়ৌত গভীৰ জলৰাশিৰ পৰা আহি তীৰত আবদ্ধ হৈ পৰিছিল এই বিশালকায় তিমিবোৰ৷ লক্ষণীয়ভাৱে বন্যপ্রাণী সুৰক্ষকৰ ৬০জনীয়া দল, স্থানীয় সুদক্ষ স্বেচ্ছাসেৱক আৰু মৎস্যজীৱীয়ে তিমিবোৰক জীৱন্তে উদ্ধাৰ কৰি গভীৰ পানীলৈ ওভতাই পঠিওৱাৰ প্রচেষ্টা চলাইছিল যদিও একেলগে ইমানসংখ্যক তিমি উদ্ধাৰ কৰাটো কঠিন হৈ পৰে৷ ইফালে, এই ঘটনাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ সমুদ্র তীৰৰ প্রায় ১০ কিলোমিটাৰ অঞ্চলত এনেদৰে শোকাৱহ মৃত্যু হৈছে তিমিবোৰৰ৷ উল্লেখনীয় যে যোৱা সোমবাৰৰ পৰা টাছমানিয়াৰ উপকূলত আহি আবদ্ধ হৈছিল এই তিমিবোৰ৷ অষ্ট্রেলিয়াৰ মূল ভূখণ্ডৰ দক্ষিণ প্রান্তৰ উপকূলৰ এটা দ্বীপ হৈছে টাছমানিয়া৷ ইয়াৰ সমীপতে আছে পাইলট তিমিৰ বিচৰণৰ গভীৰ জলৰাশি৷ কিন্তু কেতিয়াবা সমুদ্রৰ ঢ়ৌত উপকূলৰ সমীপলৈ উটি আহে এই তিমিবোৰ৷ এইক্ষেত্রত বন্যপ্রাণী সুৰক্ষা সংস্থাই আগতীয়া ব্যৱস্থা গ্রহণ কৰে যদিও এইবাৰ একেলগে চাৰি শতাধিক তিমি সমুদ্র তীৰলৈ উটি অহা বাবেই তাৎক্ষণিকভাৱে কোনোধৰণৰ যথোপযুক্ত সুৰক্ষা ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নহ’ল বন্যপ্রাণী সংস্থা৷ গতিকে ৪৮ ঘণ্টা বলুকাৰাশিত আবদ্ধ হৈ থকা বিশালকায় এই তিমিবোৰ মৃত্যুমুখত পৰা বুলি ধাৰণা কৰিছে ডেকাই৷ ইয়াৰ পূর্বেও টাছমানিয়া উপকূললৈ পাইলট তিমিৰ আগমন ঘটিছিল যদিও একেলগে চাৰি শতাধিক তিমি এনেদৰে অহাৰ ঘটনা এইটোৱেই প্রথম৷ টাছমানিয়াৰ পৰিৱেশ বিভাগৰ জীৱবিজ্ঞানী ক্রিছ কার্লিয়নে অৱশ্যে তিমিৰ এনেদৰে তৰাং পানীলৈ আগমন প্রাকৃতিক ঘটনা বুলিয়েই অভিহিত কৰিছে৷

You might also like