নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ পৰা ২৯ কিঃমিঃ দূৰত নিৰ্মাণ হ’ব বাবৰি মছজিদ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে অযোধ্যাৰ ধান্নিপুৰত আৰম্ভ হৈছে বাবৰি মছজিদ নিৰ্মাণৰ কাম। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই অযোধ্যাৰ ভূমিতেই পুনৰ নিৰ্মাণ হ’ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। অযোধ্যাৰ পৰা প্ৰায় ২৯ কিমি নিলগত নিৰ্মাণ হ’ব বাবৰি মছজিদ। মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হৈছে ইন্দো-ইছলামিক সাংস্কৃতিক ন্যাস। চুন্নী ৱাকফ বৰ্ডে নিৰ্মাণ কৰিছে এই ন্যাস। মুছলমান গাঁও ধান্নিপুৰ আৰু হিন্দু গাওঁ ৰৌনাহিৰ সম্প্ৰীতিৰ মাজতেই নিৰ্মাণ হ’ব বাবৰি মছজিদ।আনহাতে বাবৰি মছজিদক লৈ আনন্দিত দুয়োখন গাঁৱৰ বাসিন্দা। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব এই দুয়োখন গাঁও।

You might also like