নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন কেগ শক্তিকান্ত শর্মা প্রাক্তন এয়াৰ ভাইচ মার্শ্বাল পানেছাৰৰ বিৰুদ্ধে গোচৰ চলাব চিবিআয়ে

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ আগষ্টাৱেষ্টলেণ্ড কেলেংকাৰি গোচৰত দেশৰ প্রাক্তন কেগ শশীকান্ত শর্মা আৰু প্রাক্তন এয়াৰ ভাইচ মার্শ্বাল যশবীৰ সিং পানেছাৰৰ বিৰুদ্ধে গোচৰ চলাব চিবিআয়ে৷ তদন্তকাৰী সংস্থাটোৰ শীর্ষ সূত্রত বহু বিতর্কিত বিলাসী হেলিকপ্টাৰ ক্রয়ৰ আগষ্টাৱেষ্টলেণ্ড কেলেংকাৰি গোচৰত প্রাক্তন কেগ আৰু প্রাক্তন এয়াৰ ভাইচ মার্শ্বালৰ বিৰুদ্ধে গোচৰ চলোৱাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷

ইতিমধ্যে চিবিআয়ে আদালতত উক্ত দুই প্রাক্তন বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ অনুমতি বিচাৰিছে৷ প্রাক্তন কেগ আৰু প্রাক্তন এয়াৰ ভাইচ মার্শ্বালৰ উপৰি আন তিনিজনৰ বিৰুদ্ধে গোচৰ চলাব চিবিআয়ে৷ চিবিআইৰ সূত্রত প্রকাশ পোৱা মতে, অনুসন্ধানৰ অন্তত উল্লিখিত প্রাক্তন বিষয়াকেইজন কেলেংকাৰিত জড়িত থকাৰ তথ্য লাভ কৰা হৈছে৷

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা আদালতত গোচৰ চলাবলৈ অনুমতি বিচৰা হৈছে৷ মন্ত্রালয়ে অনুমতি দিলেই প্রাক্তন বিষয়া দুজনৰ লগতে ক্রিষ্টিয়ান মাইকেলৰ বিৰুদ্ধেও গোচৰ চলোৱা হ’ব৷ উল্লেখ্য যে কংগ্রেছৰ শাসনকালত ২০০৭ চনত মনমোহন সিং চৰকাৰৰ কার্যকালৰ সময়ত ৰাষ্ট্রপতি, প্রধানমন্ত্রীকে ধৰি ভি ভি আই পিৰ কাৰণে ১২খন বিলাসী হেলিকপ্টাৰ ক্রয়ৰ কাৰণে ৩৬শ কোটি টকাৰ চুক্তি আগষ্টাৱেষ্টলেণ্ডৰ সৈতে সম্পন্ন হৈছিল৷

৬ বছৰৰ মূৰকত বিভিন্ন অভিযোগত এই চুক্তি বাতিল কৰা হৈছে৷ উল্লেখ্য যে এই চুক্তিৰ বাবে আগষ্টাৱেষ্টলেণ্ডে ভাৰতীয় চৰকাৰী বিষয়াক ৩৬২ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগত প্রাক্তন কেগ আৰু এয়াৰ চীফ মার্শ্বালৰ নামো সাঙোৰ খাই পৰিছিল৷ ২০১৬ চনত এই গোচৰটো চিবিআইৰ বিশেষ অনুসন্ধান দলৰ হাতত অর্পণ কৰাৰ পাছতেই কেলেংকাৰিৰ গোচৰটোৱে নতুন মোৰ লয়৷

পাছত চিবিআয়ে অভিযোগনামা দাখিল কৰে৷ প্রাক্তন কেগ আৰু প্রাক্তন এয়াৰ চীফ মার্শ্বালৰ উপৰি এছএ কুণ্টে (ডিপুটী চীফ টেষ্টটিং পাইলট, থমাছ মেথেউ (উইং কামাণ্ডাৰ) আৰু এন সন্তোষো আছে৷

You might also like