নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰ্জত থকা অৱস্থাত বিস্ফোৰণ মোবাইলৰ, প্ৰাণ গ’ল মাতৃসহ দুই পুত্ৰৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্ট: চাৰ্জত থকা মোবাইলৰ বিস্ফোৰণ হোৱাত প্ৰাণ গল তিনিজনৰ। এই ঘটনা সংঘটিত হৈছে তামিলনাদুৰ কৰুৰত। ২৯ বৰ্ষীয় মুথূলক্ষ্মী নামৰ কৰুৰৰ মহিলাগৰাকীয়ে চাৰ্জত থকা অৱস্থাত মোবাইলেৰে কথা পাতি আছিল আৰু কথা পতা শেষ কৰি ফোন কল কাটি দিয়াৰ লগে লগে বিস্ফোৰণ ঘটে মোবাইলৰ। দুৰ্ঘটনাটোত মহিলাগৰাকীৰ দুই কণমানি সন্তানেও প্ৰাণ হেৰুৱায়।

জুবিনৰ সামাজিক দায়বদ্ধতা নাইঃ অজিত কুমাৰ ভূঞা

 জানিব পৰা মতে, বিস্ফোৰণৰ ফলত মাতৃ মথুলক্ষ্মীৰ শৰীৰত জুই লাগে আৰু ৩ বছৰীয়া সন্তান ৰণজিত আৰু দুবছৰীয়া সন্তান দক্ষিতো একেটা কোঠাতে থকাত গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়লৈ নিয়াৰ কিছুসময় পিছতে মৃত্যুমুখত পৰে।

 

 

You might also like