নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেতন ভগতে ক’ৰোনা ভেকচিনৰ সন্দৰ্ভত কিয় টুইট কৰিব লগা হ’ল

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ প্ৰসিদ্ধ লেখক চেতন ভগতে ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। কেৱল সক্ৰিয় নহয়, প্ৰতিটো বিষয়ত নিজৰ মন্তব্য প্ৰদান কৰি আহিছে। অযোধ্যৰ ভূমি পূজনৰ টুইট কৰাৰ  পিছতেই ভগতে ক’ৰোনা ভেকচিনক লৈ টুইট কৰিছে। যিটো বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে।

চেতন ভগতে টুইট কৰিছে যে বিশ্বৰ শ্বেয়াৰ বজাৰ বিশেষকৈ আমেৰিকাৰ শ্বেয়াৰ বজাৰ খন দেখি এনেকুৱা লাগিছে ক’ৰোনাৰ ভেকচিন অতি সোনকালে বজাৰলৈ আহিব। মোৰ মতে ভেকচিনৰ সকলো ট্ৰায়েল অক্টোবৰ ২০২০ লৈ সম্পূৰ্ণ হ’ব। ডিচেম্বৰ ২০২০ত ভেকচিনে অনুমতি লাভ কৰিব। ফ্ৰেব্ৰুৱাৰী ২০২১ত ভেকচিন ৰাইজে লাভ কৰিব।

উল্লেখ্য যে চেতন ভগতৰ টুইটো ভাইৰেল হৈ পৰিছে। বিভিন্ন জনে উক্ত টুইটত বিভিন্ন ধৰণৰ কমেণ্ট তথা ৰি-টুইট কৰা দেখা গৈছে।

You might also like