নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ কানাডিয়ান লোকৰ বিৰুদ্ধে চীনত মৃত্যুদণ্ডৰ ৰায়

ড্রাগ্ছ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ চীনৰ আদালত এখনে ড্রাগ্ছ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰি কানাডিয়ান নাগৰিক এগৰাকীক মৃত্যুদণ্ডৰ ৰায় শুনোৱাৰ ঘটনাক কেন্দ্র কৰি দুয়োখন দেশৰ সম্পর্কৰ মাজত অধিক অৱনতি ঘটিছে৷ কানাডিয়ান নাগৰিকগৰাকীয়ে নিষিদ্ধ কেটামাইন ড্রাগ্ছ চীনলৈ সৰবৰাহ কৰিছিল বুলি অভিযোগ অনা হৈছিল৷ গুৱাংঝুৰ আদালতখনে ঝু ৱেইহং নামৰ চীনা মূলৰ কানাডিয়ান লোকজনক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় শুনোৱাৰ উপৰি তেওঁৰ সহযোগী ৱেন গুৱাংঝিয়নক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে৷ লক্ষণীয়ভাৱে এই গোচৰটোৰ সবিশেষ তথ্য সদৰী কৰা নাই বেইজিং প্রশাসনে৷ এতিয়ালৈকে চীনে তৃতীয়গৰাকী কানাডাৰ নাগৰিকৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় শুনাইছে৷ স্মর্তব্য যে চীনৰ প্রযুক্তি প্রতিষ্ঠান হুৱাৱেইৰ শীর্ষ বিষয়ববীয়া এগৰাকীক ২০১৮ চনত ভেনকুভাৰত গ্রেপ্তাৰ কৰা ঘটনাৰ পাছৰ পৰা বেইজিং আৰু অ’টোৱা প্রশাসনৰ মাজত থকা কূটনৈতিক সম্পর্কৰ অৱনতি ঘটিছে৷ ইয়াৰ পাছৰে পৰা কানাডাৰ নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈছে বেইজিং প্রশাসন৷ এই মৃত্যুদণ্ডৰ ৰায় তাৰেই প্রতিশোধ বুলিও বিভিন্ন মহলে মন্তব্য কৰিছে৷

You might also like