নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও চীনৰ দখলতে আছে লাডাখৰ ৩৮ হাজাৰ বর্গকিলোমিটাৰ ভূমি

সদনত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   লাডাখৰ এল এ চিত ভাৰত–চীনৰ মাজত চলি থকা উত্তেজনাক লৈ আজি লোকসভাত ভাষণ দিয়ে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ চুবুৰীয়া ৰাষ্ট্র চীনে লাডাখৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশলৈকে সীমান্তত আগ্রাসী ভূমিকা গ্রহণ কৰি থকাৰ এক অংশ হিচাপে লাডাখত যোৱা ১৫ জুনৰ পৰা অব্যাহত সংঘর্ষক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় যে চীনৰ সৈতে সীমান্ত সমস্যা এতিয়াও অমীমাংসিত, যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দেশ সাজু হৈ আছে৷ লাডাখৰ এল এ চিত চীনৰ হিংসাত্মক আচৰণক কঠোৰ শব্দৰে সকীয়নি দি প্রতিৰক্ষা মন্ত্রীয়ে কয় যে চীনে এল এ চিত সামৰিক শক্তি বৃদ্ধি কৰি আছে, নতুন দিল্লীয়ে আলোচনা চলাই আছে৷ তদুপৰি সীমান্ত সমস্যাক লৈ মন্ত্রীগৰাকীয়ে কয় যে সাম্প্রতিক সীমান্তক চীনে স্বীকৃতি নিদিয়ে৷ আমি তথাগতভাৱে ১৯৬০ চনৰ সহমতক অনুকৰণ কৰি আহিছোঁ৷ কিন্তু চীনে সেই সহমতক মানি নলয়৷ দুয়োখন দেশে সীমান্তক লৈ পৃথক মতত আছে৷ দখলদাৰী চীনে বেআইনীভাৱে লাডাখৰ ৩৮ হাজাৰ বর্গকিলোমিটাৰ দখল কৰি আছে বুলিও কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ তেনেদৰে ১৯৬৩ চনৰ চীন–পাকিস্তান সীমান্ত চুক্তি অনুসৰি পাকিস্তানেও ভাৰতীয় ভূমিৰ ৫,১৮০ বর্গকিলোমিটাৰ বেআইনীভাৱে দখল কৰি আছে৷ এই ভূমিখিনি পাক অধিকৃত কাশ্মীৰৰ পৰা চীনলৈকে৷ চীনে দ্বিপাক্ষিক চুক্তিক উলংঘন কৰি সীমান্তত বৃহৎসংখ্যক সেনা মোতায়েন কৰিছে৷ এই সেনা মোতায়েনেৰে দেশখনে ১৯৯৩ আৰু ১৯৯৬ চুক্তি উলংঘন কৰিছে বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ সীমান্ত অঞ্চলৰ শান্তি আৰু সংহতি বর্তাই ৰখাৰ কাৰণে এল এ চিত ভাৰতৰ সশস্ত্র বাহিনীয়ে উল্লিখিত চুক্তিক সম্পূর্ণ অনুকৰণ কৰি আছে৷ ইয়াৰ বিপৰীতে চীনে ইয়াক উলংঘন কৰি আছে বুলিও কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ সম্প্রতি চীনে এল এ চি আৰু অন্তঃভাগত বিশেষকৈ পূব লাডাখ আৰু গগ্রা, কংকা লা আৰু পাংগং হ্রদৰ দক্ষিণ আৰু উত্তৰ দাঁতিত অস্ত্র–শস্ত্র লৈ সজ্জিত হৈ আছে বুলিও কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ তদুপৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে যোৱা ১৫ জুনত লাডাখৰ গালৱানত চীনা সৈন্যৰ হাতত কর্নেলসহ ২০ জোৱান শ্বহীদ হোৱাৰ পাছৰে পৰা নতুন দিল্লীয়ে বেইজিঙৰ সৈতে কূটনৈতিক–সামৰিক আলোচনাৰে সমস্যা সমাধানৰ প্রচেষ্টা চলাই আছে৷ তেওঁ নিজে যোৱা ৪ ছেপ্ঢেম্বৰত চীনৰ প্রতিৰক্ষা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হৈ এল এ চিত যথাস্থিতি বাহাল ৰাখিবলৈ বেইজিঙক দাবী জনাইছিল৷ এই বার্তালাপৰ সময়ত বেইজিঙক ভাৰতে সার্বভৌমত্ব সুৰক্ষাৰ বাবে দৃঢ় সংকল্প বুলিও দেশখনক স্পষ্ট কৰি দিছিল বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ ইপিনে, লাডাখক লৈ কেন্দ্রীয় চৰকাৰৰ স্থিতি সন্দর্ভত লোকসভাৰ মজিয়াত বিবৃতিৰ দাবী কৰি থকা বিৰোধী দলসমূহে প্রতিৰক্ষা মন্ত্রীগৰাকীৰ ভাষণক লৈ অসন্তুষ্টি ব্যক্ত কৰে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীৰ বিবৃতি সন্দর্ভত মন্তব্য প্রকাশ কৰিব সুযোগ নিদিয়াৰ বাবে বিৰোধী কংগ্রেছ দলে সদন ত্যাগ কৰে৷ সদন ত্যাগ কৰাৰ পিছত কংগ্রেছ নেতাই কয় যে যদি এল এ চিত সকলো ঠিকে আছে, তেতিয়া হ’লে চৰকাৰে নিম্ন সদনত বিতর্কৰ পৰা কিয় আঁতৰি ফুৰিছে৷ কংগ্রেছ সাংসদসকলক এই জটিল বিষয়টোক লৈ মন্তব্য কৰিবলৈ অনুমতি নিদিয়াৰ বাবেই সদন ত্যাগ কৰা বুলি দলটোৰ আন এগৰাকী নেতাই কয়৷ সদন ত্যাগ সন্দর্ভত লোকসভাত কংগ্রেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে ১৯৬২ চনৰ যুদ্ধৰ সময়ত অটল বিহাৰী বাজপেয়ীয়ে যুদ্ধক লৈ বিতর্কৰ দাবী কৰিছিল আৰু প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে সংসদত দুদিনীয়া বিতর্কৰ বাবে অনুমতি দিছিল৷ আনপিনে, এআইএমআইএমৰ মুৰব্বী সাংসদ আছাদুদ্দিন ৱেইছিয়ে দেশৰ প্রতিৰক্ষাৰ নামত লোকসভাত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ ভাষণ দুর্বল অপর্যাপ্ত আৰু ঘৃণনীয় তামাচা বুলি আখ্যা দিয়ে৷
লাডাখৰ পাংগং হ্রদৰ দক্ষিণত কেব্ল নেটৱর্ক স্থাপন কৰি আছে চীনা বাহিনীয়ে
ভাৰতৰ তীব্র বিৰোধ সত্ত্বেও লাডাখৰ পাংগং হ্রদৰ দক্ষিণত চীনা সৈন্য বাহিনীয়ে অপ্ঢিকেল ফাইবাৰ কেব্লৰ নেটৱর্ক স্থাপন কৰি আছে৷ ভাৰতীয় সেনাৰ দুগৰাকী শীর্ষ বিষয়াই প্রকাশ কৰা মতে চীন–ভাৰতৰ মাজত সংঘাত আঁতৰাবলৈ উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈ থকাৰ মাজতে চীনা সৈন্য বাহিনীয়ে হ্রদটোৰ দক্ষিণ দাঁতিত দীঘলীয়া গাঁত খান্দি আছে৷ দুর্গম অঞ্চললৈ যোগাযোগ সহজলভ্য কৰি তোলাৰ লক্ষ্যৰেই চীনৰ সেনাই গাঁত খান্দি ফাইবাৰ কেব্ল নেটৱর্ক বহুৱাই আছে৷ উচ্চ গতিৰ যোগাযোগৰ কাৰণে হ্রদটো দক্ষিণ দাঁতিত অপ্ঢিকেল ফাইবাৰ কেব্ল স্থাপন কৰি থকাটো নতুন দিল্লীৰ বাবে উদ্বিগ্ণৰ বিষয় বুলিও কয় শীর্ষ বিষয়া এগৰাকীয়ে৷ লক্ষণীয় যে যিটো অঞ্চলত চীনা সৈন্যই কেব্ল নেটৱর্ক স্থাপন কৰি আছে, সেই অঞ্চলটোত দুই দেশৰ সেনাৰ মাজত মাত্র কেইশমিটাৰমানহে দূৰত্ব৷
অৰুণাচল প্রদেশৰ সীমান্তৰ সমীপত চীনৰ আন্তঃগাঁথনি নির্মাণ, ভাৰতীয় সেনাবাহিনীৰ হাই এলার্ট
লাডাখ সীমান্তত আন্তঃগাঁথনি নির্মাণ কৰি থকাৰ সমান্তৰালকৈ চীনে উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তৰ অতিকমেও চাৰিটা স্থানত নির্মাণকার্য চলাই আছে৷ অৰুণাচল প্রদেশৰ সীমান্তৱর্তী আছাফিলা, টুটটিং এক্সিছ, ছাং জে আৰু ফিছটেইল–২ ছেক্টৰত চীনে নির্মাণকার্য চলাই আছিল৷ এই চাৰিটা স্থান ভাৰতীয় ভূমিৰ পৰা মাত্র ২০ কিলোমিটাৰ নিলগত৷ এই অঞ্চলত চীনা সৈন্যৰ মোতায়েন বৃদ্ধি কৰাৰ লগতে সীমান্তৰ সমীপলৈকে চাল–চলন বৃদ্ধি কৰিছে৷ অঞ্চলটোৰ নির্মীয়মাণ পথেৰে চীনৰ সৈতে ভাৰতীয় ভূমিৰ একেবাৰে সমীপলৈ পহৰা দিবলৈ আহে৷ সীমান্তৰ অঞ্চলত চীনা সৈন্যৰ এই গতিবিধি প্রত্যক্ষ কৰি অঞ্চলটোত ভাৰতীয় সেনাৰো শক্তি বৃদ্ধি কৰা হৈছে৷ সীমান্তত ভাৰতীয় সেনাবাহিনীক হাই এলার্ট কৰা হৈছে৷ তাৎপর্যপূর্ণ যে চীনে অৰুণাচল প্রদেশখন নিজৰ বুলি দাবী কৰি অহাৰ পৰিপ্রেক্ষিতত দশক দশক ধৰি বেইজিঙৰ সেনাই সীমান্ত অতিক্রম কৰি ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰি আহিছে৷ মাজে মাজে দুই–এটি সংঘর্ষৰো সৃষ্টি হৈ আহিছে৷

You might also like