নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাসযোগ্যতা হেৰুৱাইছে চীনে! বিশ্বজুৰি মাৰ খাইছে বেইজিঙত তৈয়াৰী স্মার্টফোনৰ বিক্রী

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: এঘৰীয়া হৈছে চীন । মহামাৰী ক’ৰোনাৰ সংহাৰৰ বাবে সকলো দেশেই চীনক একপ্ৰকাৰ বৰ্জনৰ সিদ্ধান্ত লৈছে । কিছুদিন পূৰ্বে ভাৰতত অৰ্ধশতাধিক চীনা এপ নিষিদ্ধ হোৱাৰ পাছতে এতিয়া বহু দেশেই চীনত তৈয়াৰী সামগ্ৰীক বৰ্জনৰ সিদ্ধান্ত লৈছে ।

চীনে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীয়ে ভিন্ন দেশৰ সাৰ্বভৌমত্ত ও জাতীয় সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ অভিযোগ উঠিছে । যাৰ বাবে বিশ্বজুৰি চীনৰ ব্যৱসায়ে মাধমাৰ খাইছে ।

সকলোতকৈ বেছি প্ৰভাৱৰ সন্মুখীন হৈছে চীনৰ ফোনৰ ব্যৱসায় । সংবাদ সংস্থা ৰয়টাৰ্ছৰ পৰিসংখ্যা মতে, এই বছৰ জুলাইলৈকে চীনৰ স্মাৰ্টফোন বিক্ৰীত ৩৫ % হ্ৰাস পাইছে । লগতে পূৰ্বৰ তুলনাত চীনৰ স্মাৰ্টফোনৰ চাহিদা কমি গৈছে । আন এক খবৰ মতে, ক’ৰোনাৰ বাবে বিভিন্ন দেশলৈ চীনৰ স্মাৰ্টফোনসমূহ ৰপ্তানীও হ্ৰাস পাইছে ।

চীনৰ অকাডেমি অৱ ইনফৰমেছন এণ্ড কমিউনিকেছন টেকনোলজিৰ পৰিসংখ্যা মতে, চলিত বৰ্ষৰ জুলাইলৈকে ২১.৩ মিলিয়ন স্মাৰ্টফোন ৰপ্তানী হৈছে । আনহাতে বিগত বছৰ জুলাইত ৩৩ মিলিয়ন স্মাৰ্টফোন ৰপ্তানী কৰা হৈছিল ।

You might also like