নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ! এমাহৰ ভিতৰতে বজাৰলৈ আহিব আমেৰিকান ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ সম্প্ৰতি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা মহামাৰীৰ বাবে ত্ৰাহি মধুসূদন দেখিছে বিশ্বৰ প্ৰতিখন দেশে। ক’ৰোনাই বিধ্বস্ত কৰি পেলাইছে একো একোখন দেশ, অৰ্থনীতি। বিশ্বজুৰি আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্য়াও বৃদ্ধি পাই আহিছে। বৰ্তমানে হ্ৰাস হোৱা নাই আক্ৰান্তৰ সংখ্যা। ক’ৰোনাই ক্ৰমান্বয়ে বিপদৰ দিশে আগবঢ়াই দিছে মানৱজাতিক।

এনে সন্ধিক্ষণত এক সুখবৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অহা ৩-৪ সপ্তাহৰ ভিতৰত বজাৰলৈ আহিব আমেৰিকান ক’ভিড ভেকচিন। বিশ্ববাসীৰ বাবে এয়া এক ভাল খবৰ।কিয়নো ভেকচিনক লৈ বিশ্বজুৰি বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা চলাই আছে যদিও এটা সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই। বহু কেইখন আগশাৰীৰ দেশে এই ভেকচিন সন্দৰ্ভত পৰীক্ষা তথা গৱেষণা অব্যাহত ৰাখিছে। 

এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে ট্ৰাম্পে। অন্তিম পৰ্যায়ত আছে ক’ৰোনা ভেকচিনৰ পৰীক্ষা আৰু সফল হ’লে মাৰ্কিন বিজ্ঞানীয়ে বিশ্ববাসীৰ বাবে উলিয়াই দিব ক’ৰোনা প্ৰতিৰোধী ভেকচিন।

You might also like