নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চীনে পৰিকল্পিতভাৱে সৃষ্টি কৰিছিল ক’ৰোনা ভাইৰাছ’

চীন চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সৃষ্টি হৈছিল এই ভাইৰাছ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ চীনৰ গৱেষণাগাৰতেই সৃষ্টি হৈছে ক’ৰোনা ভাইৰাছৰ। চীনা চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সৃষ্টি হৈছে এই ভাইৰাছ। এই বিস্ফোৰণ স্বয়ং চীন দেশৰ এগৰাকী বিজ্ঞানীৰ। ক’ৰোনাৰ বিতৰ্কত পুনৰ সোমাই পৰিছে চীন। ক’ৰোনা ভাইৰাছৰ সৃষ্টি সন্দৰ্ভত বিশ্বই চীনক দোষাৰূপ কৰি থকাৰ সময়তে এই তথ্যই তোলপাৰ লগাইছে। বহু দেশে WHOৰ ভূমিকা সন্দৰ্ভটো প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ক’ৰোনা ভাইৰাছৰ উৎপত্তিস্থল য়ুহান চহৰত গোপনে অনুসন্ধান চলাই ডাঃ লি মেঙ নামৰ চীনা বিজ্ঞানীগৰাকীয়ে এই কথা সদৰী কৰে। চীনে এতি পৰিকল্পিতভাৱে য়ুহানৰ এক পৰীক্ষাগাৰত কৃত্ৰিমভাৱে এই ভাইৰাছ সৃষ্টি কৰিছে বুলি এটা টক শ্বত মন্তব্য কৰা বিজ্ঞানীগৰাকীয়ে।

You might also like