নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ ভুৱা পৰীক্ষাৰ প্রতিবেদন দি গ্রেপ্তাৰ চিকিৎসক

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড–১৯ৰ পৰীক্ষা চলোৱা জনসাধাৰণক ভুৱা প্রতিবেদন দিয়াৰ অভিযোগত এগৰাকী চিকিৎসক আৰু তেওঁৰ সহযোগীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ অভিযুক্ত চিকিৎসকগৰাকী মালবিয়া নগৰৰ বাসিন্দা কুশ বিহাৰী পৰাশৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ ইফালে, ৩৪ বছৰীয়া চিকিৎসক পৰাশৰৰ সহযোগী অমৃত সিঙকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ দিল্লী আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি কেইবাসপ্তাহ পূর্বৰে পৰা চিকিৎসকগৰাকীয়ে ক’ভিড–১৯ৰ পৰীক্ষা চলোৱা বুলি ধনৰ বিনিময়ত জনসাধাৰণক প্রতিবেদন দি আহিছিল৷

You might also like