নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড যোদ্ধালৈ সামৰিক বেণ্ডৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ ক’ভিড যোদ্ধাৰ সন্মান তথা প্রশংসাৰ বাবে ভাৰতীয় সামৰিক বেণ্ডে স্বাধীনতা দিৱস উপলক্ষে পষেকীয়া কার্যসূচী গ্রহণৰ সিদ্ধান্ত লৈছে৷ ১ আগষ্টৰ পৰা ১৫লৈকে চলি থকা প্রথমটো পষেকত স্থল, নৌ আৰু বায়ুসেনাৰ লগতে আৰক্ষীয়ে বিভিন্ন স্থানত ক’ভিড যোদ্ধাসকলক তেওঁলোকৰ সেৱা আৰু ত্যাগৰ বাবে সামৰিক বেণ্ডৰ জৰিয়তে শুভেচ্ছ জ্ঞাপন কৰা হৈছে৷ আজি প্রতিৰক্ষা মন্ত্রালয়ে এক বিবৃতিত এই কথা সদৰী কৰিছে৷ সামৰিক বেণ্ডে বিভিন্ন সংগীত কার্যসূচী গ্রহণ কৰি পোৰবন্দৰ, হায়দৰাবাদ, বাংগালুৰু, ৰায়পুৰ, অমৃতসৰ, গুৱাহাটী, এলাহাবাদ আৰু কলকাতাত ইতিমধ্যে ক’ভিড যোদ্ধাসকলক শুভেচ্ছ জ্ঞাপন কৰিছে৷ আজি সন্ধিয়া বিশাখাপট্টনম, নাগপুৰ আৰু গোৱালিয়ৰত সেনা আৰু আৰক্ষীৰ বেণ্ডে অনুৰূপ কার্যসূচী গ্রহণ কৰে৷ ৭ আগষ্টত শ্রীনগৰ, কলকাতাকে ধৰি দেশৰ বিভিন্ন চহৰত ক’ভিড যোদ্ধাসকলক শুভেচ্ছ জ্ঞাপন কৰা হ’ব৷ উল্লেখনীয় যে ১৩ আগষ্টত লক্ষ্ণৌ, ফাইজাবাদ, শ্বিলং, মাদুৰাই আৰু চাম্পাৰণত অন্তিম পর্যায়ৰ সাংগীতিক কার্যসূচী প্রদর্শন কৰা হ’ব৷

You might also like