নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত দুটাকৈ ক’ভিড ভেকচিনৰ পৰীক্ষাই কঢ়িয়াইছে আশা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ প্রাণঘাতী ক’ভিড–১৯ৰ বিশ্বজুৰি সংঘাত অব্যাহত থকাৰ সময়তে বিভিন্ন দেশৰ লগতে ভাৰত বায়’টেকে আই চি এম আৰ আৰু কেডিলা হেলথ কেয়াৰ লিমিটেডৰ সহযোগত প্রস্তুত কৰা দুটাকৈ ভেকচিনৰ ক্লিনিকেল পৰীক্ষাই বিশেষ আশা কঢ়িয়াইছে৷ প্রথম পর্যায়ৰ ক্লিনিকেল পৰীক্ষাত নিজস্বভাৱে ভাৰত বায়’টেকে এই সংস্থা দুটাৰ সহযোগত প্রস্তুত কৰা দুয়োটা ভেকচিন ৰোগীৰ বাবে নিৰাপদ বুলি চিহ্ণিত হৈছে৷

ৰাজ্যসভাত এই তথ্য সদৰী কৰিছে কেন্দ্রীয় স্বাস্থ্য দপ্তৰৰ ৰাজ্যিক মন্ত্রী অশ্বিনী চৌবেই৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি দুয়োটা ভেকচিনৰ দ্বিতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষা চলি আছে৷

উল্লেখনীয় যে বিদেশৰ কোনো স্বাস্থ্য সংস্থা বা চিকিৎসা বিজ্ঞানীৰ সহায় অবিহনেই ভাৰত বায়’টেকে আই চি এম আৰ আৰু কেডিলা হেলথ কেয়াৰ লিমিটেডৰ সহযোগত ক’ভিড–১৯ৰ প্রতিৰোধী ভেকচিনৰ পৰীক্ষা চলাই আছে৷

You might also like