নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটৰ পৰা উধাও চীনা আগ্রাসনৰ নথি

মঙলবাৰে আপলোড–দুদিনতে অন্তর্ধান

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ পূব লাডাখত চীনে আগ্রাসন চলোৱাৰ তথ্যসম্বলিত এক নথি আপলোড কৰাৰ দুদিনৰ ভিতৰতে প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটৰ পৰা উক্ত নথি ৰহস্যজনকভাৱে অন্তর্ধান হৈছে৷ এই আশ্চর্যজনক ঘটনাৰ পাছত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ যোৱা মঙলবাৰে প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটত আপলোড কৰা উক্ত নথিত স্বীকাৰ কৰা হৈছিল যে মে’ৰ আৰম্ভণিতে চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে (পি এল এ) লাইন অৱ একচুৱেল কণ্ড্র’ল (এল এ চি) অতিক্রমি ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰিছিল৷ কিন্তু বৃহস্পতিবাৰে সকলোকে আচৰিত কৰি ৱেবছাইটটোৰ পৰা উক্ত পেজটোৱেই আঁতৰাই দিয়া হয়৷ অৱশ্যেই চৰকাৰী বিষয়াৰ বিবৃতি, সংবাদ মাধ্যমৰ প্রতিবেদন আৰু গালৱানৰ সংঘর্ষত শ্বহীদ হোৱা সেনা জোৱানৰ তালিকাই চীনা আগ্রাসনৰ সত্যতা প্রশ্ণাতীতভাৱে প্রতিপন্ন কৰে৷ কিন্তু ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ ৱেবছাইটত পলমকৈ হ’লেও এই কথা স্বীকাৰ কৰাৰ পাছত আকস্মিকভাৱে কিয় এই নথি আঁতৰাই পেলোৱা হ’ল, তাক লৈ যথেষ্ট চর্চা হৈছে৷ ৱেবছাইটটোৰ নিউজ ছেকচনত এল এ চিত চীনা আগ্রাসন শিৰোনামেৰে উক্ত নথিত লিখা হৈছিল– ২০২০ চনৰ ৫ মে’ৰ পৰা লাইন অৱ একচুৱেল কণ্ড্র’লত (এল এ চি), বিশেষভাৱে গালৱান উপত্যকাত চীনা আগ্রাসন বৃদ্ধি পাইছে৷ চীনা সেনাই কুগ্রাং নালা, গোগ্রা আৰু পেংগঙৰ উত্তৰ পাৰত ১৭–১৯ মে’ত আগ্রাসন চলাইছিল৷ ৱেবছাইটটোৰ নিউজ ছেকচনত ‘হোৱাটছ নিউ’ অংশত এই তথ্য আপলোড কৰিছিল৷ ইয়াত লগতে উল্লেখ কৰা হৈছিল যে পৰিস্থিতি চম্ভালাৰ বাবে দুয়োপক্ষৰ সেনাৰ মাজত আলোচনা হয়৷ ৬ জুনৰ ক’ৰ কমাণ্ডাৰৰ ফ্লেগ মিটিঙো অনুষ্ঠিত হয়৷ কিন্তু ১৫ জুনত দুয়োপক্ষৰ মাজত ভয়ংকৰ সংঘর্ষ হয়, ফলত দুয়োপক্ষৰ জোৱান হতাহত হয়৷ পৰৱর্তী পর্যায়ত ২২ জুনত ক’ৰ কমাণ্ডাৰ পর্যায়ৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় সেনা প্রত্যাহৰৰ মডেলিটী সন্দর্ভত আলোচনা কৰাৰ বাবে৷ নথিত এইবুলিও উল্লেখ কৰা হৈছিল যে ‘উভয় পক্ষৰে গ্রহণযোগ্য–সর্বস সিদ্ধান্তত উপনীত হোৱাৰ বাবে সামৰিক আৰু কূটনৈতিক পর্যায়ত আলোচনা অব্যাহত আছে যদিও এই সংঘাত দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে৷’ পূব লাডাখৰ পৰিস্থিতি এতিয়াও স্পর্শকাতৰ হৈ থকা বুলিও প্রতিৰক্ষা মন্ত্রালয়ৰ নথিত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল৷ উক্ত নথি ৱেবছাইটৰ পৰা উধাও হোৱা সন্দর্ভত প্রতিৰক্ষা মন্ত্রালয়ৰ এজন মুখপাত্রই সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মাথোঁ কয় যে উক্ত নথি তেওঁৰ জৰিয়তে প্রেৰণ কৰা হোৱা নাছিল৷ লক্ষণীয় যে চৰকাৰীভাৱে চীনা আগ্রাসনৰ ঘটনা স্বীকাৰ কৰা এইখনেই আছিল প্রথম নথি৷ ১৫ জুনত সংঘর্ষত ২০জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পাছতো চৰকাৰীভাৱে চীনা সৈন্যৰ অনুপ্রৱেশৰ কথা স্বীকাৰ কৰা হোৱা নাছিল৷ উক্ত ঘটনাৰ পাছত বিদেশ মন্ত্রালয়ে প্রকাশ কৰিছিল যে এল এ চিৰ ঠিক কাষতে চীনা সৈন্যই তম্বু স্থাপনৰ চেষ্টা কৰাৰ লগতে ভাৰতীয় সৈন্যক টহল দিয়াত বাধা দিয়াৰ ফলত সংঘর্ষৰ সূত্রপাত হৈছিল৷

You might also like