নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ সংঘর্ষৰ অভিযুক্তই লাভ কৰিছিল ১.৬১ কোটি টকা

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ সাম্প্রদায়িক সংঘর্ষক লৈ দাখিল কৰা অভিযোগনামাত অন্তর্ভুক্ত কৰা ৫ অভিযুক্তই সংঘর্ষৰ উচটনি দিয়াৰ বাবে ১.৬১ কোটি টকা লাভ কৰিছিল৷ অভিযোগনামাত অন্তর্ভুক্ত কৰাত আপৰ পৰা নিলম্বিত কাউঞ্চিলৰ তাহিৰ হুছেইন, ইছৰাদ হুছাইন, শিক্ষার্থী মিৰান হাইদৰ, খালিদ ছাইফি আৰু ছিফাউৰ ৰহমানে নগদ আৰু বেংকৰ জৰিয়তে ১.৬১ কোটি টকা লাভ কৰিছিল৷ ইয়াৰে ১.৪৮ কোটি টকা দিল্লীত প্রতিবাদৰ আয়োজন আৰু সাম্প্রদায়িক সংঘর্ষত উচটনি যোগোৱাৰ বাবে ব্যয় কৰিছিল বুলি অভিযোগনামাত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।

You might also like