নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় এগৰাকী মৃত ছোৱালীক বদনাম কৰি থকা হৈছে? -দিশা চালিয়ানৰ মাতৃৰ ক্ষোভ

নিয়মীয়া বার্তা, ৮ আগষ্টঃ সুশান্ত ৰাজপুতৰ মৃত্যুৰ তদন্ত চি বি আইৰ হাতলৈ যোৱাৰ পিছতে পুনৰ এই সংক্ৰান্তীয় বিভিন্ন বিষয় চৰ্চালৈ আহিছে। স্বাভাৱিকতে আহি পৰিছে সুশান্তৰ প্ৰাক্তন মেনেজাৰ প্ৰয়াত দিশা চালিয়ানাৰ নামো।

সুশান্তৰ আত্মহত্যাৰ মাত্ৰ এসপ্তাহ আগত আত্মহত্যা কৰা দিশা চালিয়ানাক মুম্বাই আৰক্ষীয়ে ক্লীনছীট দিয়াৰ পিছত এই তদন্তৰ দায়িত্ব চি বি আইলৈ যোৱাত চৰ্চালৈ আহে দিশাৰ নাম। কিন্তু ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে দিশা চালিয়ানাৰ অভিভাৱকে।

তেওঁলোকে কয়– ”আমাৰ মৃত ছোৱালীক বদনাম কৰি নিজ স্বাৰ্থ পূৰণ নকৰিব। তাইৰ মৰণোত্তৰ জীৱনক লৈ খেলা নেখেলিব। দিশা আছিল আমাৰ একমাত্ৰ জীয়ৰী, তাইৰ মৃত্যুৰ পিছত এতিয়া তাইৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা চলোৱা দেখা গৈছে, এনে কাৰ্যৰে তেওঁলোকে আমাক শেষ কৰি দিব বিচাৰেছে।”

দিশাৰ মাক বাসন্তী চালিয়ানে কয়– ”মই ছ’চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া, টুইটাৰ তথা সকলো নাগৰিককে কব বিচাৰো যে দিশাক লৈ যি কথাৰ চৰ্চা কৰি থকা হৈছে, সেয়া সকলো ভুল।”

একমাত্ৰ ছোৱালীৰ মৃত্যুৰ পিছত ভাগি পৰা পৰিয়ালটোক লৈ অবিৰাম চৰ্চা চলি থকাত দুখ প্ৰকাশ কৰে দিশাৰ অভিভাৱকে।

উল্লেখ্য যে দিশা চালিয়ানৰ মৃত্যুৰে সুশান্তৰ মৃত্যুৰ কাৰণ জড়িত থকা, দিশাক বলাতকাৰ কৰি হত্যা কৰা আদি নানা তথ্য-প্ৰমাণহীন বক্তব্য বিভিন্ন ৰাজনৈতিক নেতাৰ পৰা মিডিয়াই কৰি থকাত এনেদৰে মত ব্যক্ত কৰিবলৈ বাধ্য হয় দিশাৰ অভিভাৱকে।

You might also like