নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত এয়াৰ ইণ্ডিয়াৰ বিমানৰ প্রৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   ডুবাই অসামৰিক উৰণ প্রাধিকৰণ এয়াৰ ইণ্ডিয়া এক্সপ্রেছ বিমানৰ প্রৱেশ ২ অক্টোবৰলৈ বাতিল কৰিছে৷ উল্লেখনীয় যে এয়াৰ ইণ্ডিয়া এক্সপ্রেছ বিমানেৰে ক’ভিড পজিটিভ প্রমাণ–পত্র থকা যাত্রী দুবাৰকৈ ভাৰতৰ পৰা ডুবাইত উপস্থিত হোৱাৰ পিছত উৰণ সংস্থাটোৱে এই সিদ্ধান্ত লৈছে৷ নতুন দিল্লীত এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই এই কথা সদৰী কৰিছে৷ সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ৰ নিয়ম অনুসৰি ভাৰতৰ পৰা যোৱা প্রতিগৰাকী যাত্রীয়ে ক’ভিড নিগেটিভৰ প্রকৃত প্রমাণ–পত্র লগত ৰাখিব লাগে৷ যাত্রাৰ ৯৬ ঘণ্টা পূর্বে আৰটি–পিচিআৰ পৰীক্ষা কৰাব লাগে যাত্রীসকলে৷

You might also like