নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰতে ২০ হাজাৰ প্রজাতিৰ ৬৮ শতাংশ বন্যপ্রাণীৰ বিলুপ্তি

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ ব্যাপক বন ধ্বংসৰ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হৈছে বিশ্ববাসী৷ মাত্র ৫০ বছৰতে হেৰাই গৈছে বিশ্বৰ ৬৮ শতাংশ বন্যপ্রাণী৷ ইয়াৰ ফলত পাৰিপার্শ্বিকতা আৰু জৈৱ–বৈচিত্র্যলৈ বিপদ নামি অহাই নহয়, আন জীৱৰ পৰা মানুহৰ শৰীৰলৈ বিয়পি পৰা ক’ভিড–১৯ৰ দৰে নতুন নতুন ৰোগ সৃষ্টিৰো আশংকা বৃদ্ধি পাইছে৷ বন্য সম্পদৰ ওপৰত মানুহৰ নির্বিচাৰ অত্যাচাৰৰ এই ভয়ংকৰ পৰিণতিৰ বিষয়ে অলপতে এক প্রতিবেদনত ৱর্ল্ড ৱাইল্ড লাইফ ফাণ্ডে (ডব্লিউ ডব্লিউ এফ) প্রকাশ কৰিছে৷ ‘দ্য লিভিং প্লেনেট ৰিপ’ট ২০২০’ত উল্লেখ কৰা মতে, ১৯৭০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত বিশ্বৰ মেৰুদণ্ডী প্রাণীৰ সংখ্যা ৬৮ শতাংশ হ্রাস পাইছে৷ অর্থাৎ নোহোৱা হৈ গৈছে দুই তৃতীয়াংশ মেৰুদণ্ডী প্রাণী৷

ডব্লিউ ডব্লিউ এফ ইণ্টাৰনেচনেলৰ সঞ্চালকপ্রধান মার্কো লেম্বাৰটিনিয়ে কয় যে প্রকৃতি ধ্বংসৰ বিধ্বংসী প্রভাৱ সুদূৰপ্রসাৰী হ’ব৷ ইয়াৰ প্রভাৱ কেৱল বন্যপ্রাণীৰ ওপৰতে সীমাবদ্ধ হৈ থকা নাই৷ বিপন্ন হৈ পৰিছে মানুহৰ স্বাস্থ্য আৰু জীৱন প্রণালীও৷ তেওঁ লগতে কয় যে বন্যপ্রাণী প্রজাতিৰ সংখ্যা হ্রাস পোৱাটো হ’ল প্রকৃতিৰ ব্যাপক পৰিৱর্তনৰ সূচক৷ পৃথিৱীত বসবাস কৰাটো দুর্যোগপূর্ণ হৈ পৰাৰো বিপদ সংকেত প্রেৰণ কৰিছে এই সূচকে৷ স্তন্যপায়ী জীৱ, পক্ষী, উভচৰ প্রাণী, সৰীসৃপ, মৎস্যৰ সংখ্যা একেলগে গড়ে দুই তৃতীয়াংশ হাৰত হ্রাস হোৱাটো এক ভয়ংকৰ বিপদৰ আগজাননী বুলি তেওঁ সতর্ক কৰি দিয়ে৷ দ্য লিভিং প্লেনেট ইনডেস্কৰ (এল পি আই) পৰা এই কথা প্রমাণিত হৈছে যে যিবোৰ কাৰণত একমাত্র বাসপোযোগী গ্রহটোত অতিমাৰীৰ ঘটনা বৃদ্ধি পোৱা বুলি বিশ্বাস কৰা হয়, সেই কাৰণসমূহেই বন্যপ্রাণীৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাসতো প্রত্যক্ষ ইন্ধন যোগাইছে৷ ইয়াৰ ভিতৰত বন ধ্বংস, বনভূমিত নির্মাণকার্য আৰু বন্যপ্রাণীক লৈ চলোৱা বাণিজ্য অন্যতম৷ লেম্বাৰটিনিয়ে উল্লেখ কৰে যে বন্যপ্রাণী ধ্বংস হ’লে ইয়াৰ প্রভাৱ কোটি কোটি মানুহৰ জীৱন, খাদ্য নিৰাপত্তা আৰু পৰিপুষ্টিত পৰাটো নিশ্চিত৷

প্রতিবেদনত উল্লেখ কৰা মতে, বিগত অর্ধশতাব্দীৰ বন্যপ্রাণীৰ সংখ্যা হ্রাসৰ ফলত এক লাখ কোটি ডলাৰ মূল্যৰ অর্থনীতি ক্ষতিগ্রস্ত হৈছে৷ সমগ্র বিশ্বৰ ১২৫গৰাকী বিশেষজ্ঞই ‘দ্য লিভিং প্লেনেট ৰিপ’ট ২০২০’ প্রস্তুত কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়াইছে৷ তেওঁলোকৰ মতে, বন ধ্বংসৰ ফলত বাসস্থান নোহোৱা হৈ পৰাৰ বাবেই মুখ্যতঃ বন্যপ্রাণীৰ সংখ্যা হ্রাস পাইছে৷ মন কৰিবলগীয়া যে নদীসমূহতো ইয়াৰ প্রভাৱ স্পষ্ট৷ প্রকৃততে নির্মল পানীত বাস কৰা জলচৰ প্রাণীৰ সংখ্যা ৮৪ শতাংশ হ্রাস পাইছে৷ ইয়াৰ এক উদাহৰণ দাঙি ধৰি প্রতিবেদনত উল্লেখ কৰা হৈছে যে চীনৰ ইয়াংজে নদীত নির্মাণ কৰা নদীবান্ধৰ ফলত ১৯৮২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত চাইনিজ ষ্টাৰজিয়ন নামৰ এবিধ মৎস্য প্রজাতিৰ ৯৭ শতাংশৰ বিলুপ্তি ঘটিছে৷ ৪ হাজাৰৰো অধিক মেৰুদণ্ডী প্রজাতিৰ ২১ হাজাৰ প্রাণীৰ ওপৰত ১৯৭০ চনৰ পৰা ২০১৬ চনলৈ সমীক্ষা চলাই এল পি আই প্রস্তুত কৰা হৈছে৷ বিজ্ঞান আলোচনী ‘নেচাৰ’ত ডব্লিউ ডব্লিউ এফৰ এই প্রতিবেদনৰ লগতে ৪০টা বেচৰকাৰী সংস্থাৰ লেখা প্রকাশ পাইছে৷

প্রতিবেদনখনত ভাৰতক লৈও আশংকা প্রকাশ কৰা হৈছে৷ ভাৰতক অতি বৈচিত্র্যময় দেশ হিচাপে চিহ্ণিত কৰি কোৱা হৈছে যে দেশখনত বন আৰু প্রাকৃতিক জলভূমিৰ লগতে সাগৰীয় জৈৱ–বৈচিত্র্য ব্যাপক হাৰত ধ্বংস হৈছে৷ সেয়ে বন্যপ্রাণীৰ ওপৰত পৰা ব্যাপক প্রভাৱ ৰোধ কৰিবলৈ ভাৰতৰ দৰে দেশে সাহসী পদক্ষেপ ল’বলগীয়া হ’ব৷ দুর্ভাগ্যজনকভাৱে বন ধ্বংসৰ এই ধাৰা যে অদূৰ ভৱিষ্যতে নিয়ন্ত্রণ কৰাৰ সামগ্রিক প্রয়াস আৰম্ভ হ’ব, তাৰ কোনো ইংগিত এইপর্যন্ত অগ্রণী সংগঠন বা বিশ্ব নেতাৰ পৰা অহা নাই৷ ইপিনে ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজার্ভেচন অৱ নেচাৰৰ এক সমীক্ষা মতে বিশ্বৰ মুঠ প্রাণী আৰু উদ্ভিদৰ এক লাখ প্রজাতিৰ ভিতৰত ৩২ হাজাৰটা প্রজাতি ইতিমধ্যে বিলুপ্তিৰ মুখত পৰিছে৷

You might also like