নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাই ২০২১লৈ ফেচবুকৰ কৰ্মচাৰীয়ে কৰিব ৱৰ্ক ফ্ৰম হোম

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বজুৰি সলনি হৈছে কৰ্মৰ সূচী আৰু পদ্ধতি। বহুসংখ্যক লোকে ঘৰৰ পৰা চলাই গৈছে কাম। ফেচবুক প্ৰতিষ্ঠানেও কৰ্মচাৰীসকলক ২০২১ৰ জুলাই মাহলৈ ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশনা দিছে।

এইক্ষেত্ৰত ঘৰুৱাভাৱে কাম কৰাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ বাবদ ১০০০ ডলাৰকৈ সাহায্য দিয়াৰ কথাও ঘোযণা কৰিছে। ফেচবুকৰ মুখপাত্ৰই ঘোষণাযোগে জনাইছে যে চৰকাৰৰ দ্বাৰা ঘোষণা কৰা গাইডলাইন আৰু কোম্পানীটোৰ নিজা বিবেচনা অনুযায়ী সকলো কৰ্মচাৰীকে ২০২১ৰ জুলাইলৈ ঘৰৰ পৰা কাম চলাই নিয়াৰ অনুমতি দিয়া হৈছে।

অৱশ্যে পৰিস্থিতি ভালৰ ফালে আহিলে কোনে কোনা ঠাইত কমসংখ্যক কৰ্মচাৰীৰে কাৰ্যালয় খোলাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনাৰ কথাও প্ৰতিষ্ঠানটোৱে ব্যক্ত কৰে যদিও আমেৰিকা আৰু লেটিন আমেৰিকাত থকা কাৰ্যালয় এইবছৰলৈ খোলাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰে ফেচবুকে।

উল্লেখ্য অকল ফেচবুকেই নহয় গুগল, টুইটাৰৰ কৰ্মচাৰীসকলেও কাম চলাই আছে ঘৰৰ পৰা।

You might also like