নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জী ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ আজি ৰাজধানী দিল্লীস্থিত সেনাৰ ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত মগজুৰ এক অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়৷ মগজুৰ এই অস্ত্রোপচাৰৰ পাছতে প্রাক্তন ৰাষ্ট্রপতিগৰাকী ভেণ্টিলেটৰত ৰখা হৈছে৷ উল্লেখনীয় যে ইয়াৰ পূর্বে পুৱাৰ ভাগত ছ’চিয়েল মিডিয়া টুইটাৰযোগে ভাৰতৰত্ন মুখার্জীয়ে এই কথা সদৰী কৰে যে তেওঁ ক’ভিড–১৯ত সংক্রমিত হৈছে৷ মুখার্জীয়ে এই কথা সদৰী কৰাৰ উপৰি সপ্তাহটোৰ ভিতৰত তেওঁৰ সংস্পর্শলৈ অহা লোকসকলক আইছ’লেচনত থকাৰ অনুৰোধো জনায়৷

৮৪ বছৰীয়া মুখার্জীয়ে টুইটাৰযোগে এই কথা সদৰী কৰাৰ পাছতেই শুভাকাংক্ষীসকলে নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি ছ’চিয়েল মিডিয়াত বার্তা বিনিময় কৰিবলৈ লয়৷ ইফালে প্রাক্তন ৰাষ্ট্রপতি ভাৰতৰত্ন মুখার্জীৰ মগজুৰ অস্ত্রোপচাৰৰ পাছত নেতাগৰাকীৰ অনুৰাগীসকলে আশু আৰোগ্য কামনা কৰিবলৈ লয়৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ উপৰি কেন্দ্রীয় মন্ত্রীসকলৰ লগতে জ্যেষ্ঠ কংগ্রেছ নেতাসকলে হাস্পতালৰ পৰা শীঘ্রে মুখার্জী আৰোগ্য হৈ ঘৰলৈ উভতিব বুলি আশা প্রকাশ কৰে৷ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে হাস্পতাললৈ গৈ প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷

মুখার্জীৰ পুত্র তথা কংগ্রেছ নেতা অভিজিৎ মুখার্জীয়ে পিতৃৰ আশু আৰোগ্য কামনা কৰাৰ উপৰি এই মুহূর্তত যিসকল গুণমুগ্ধই নেতাগৰাকীৰ খা–খবৰ লৈ সাত্ব্ন্না দিছে, সকলোকে তেওঁ ধন্যবাদো জ্ঞাপন কৰে৷ ইয়াৰ পূর্বে মুখার্জী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ খবৰ পোৱাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে টুইটাৰযোগে প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰে৷

You might also like