নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত ম’ব লিঞ্চিঙৰ বলি মহিলাসহ ৪জন

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ ঝাৰখণ্ডৰ গুমলা জিলাত মাত্র ২৪ ঘণ্টাৰ ভিতৰতে সংঘটিত হৈছে দুটাকৈ ম’ব লিঞ্চিঙৰ ঘটনা৷ ৰাজধানী ৰাঁচীৰ পৰা ১০০ কিলোমিটাৰ নিলগত গুমলাৰ ডেৰাগডি গাঁৱত উন্মত্ত জনতাই লাঠী আৰু চোকা অস্ত্রৰে আঘাত কৰি হত্যা কৰে এগৰাকী মহিলাসহ তিনিগৰাকী লোকক৷ উল্লেখনীয় যে গুমলাত এয়া দ্বিতীয়টো উন্মত্ত জনতাৰ নৃশংস আক্রমণৰ ঘটনা৷ ইয়াৰ পূর্বে কালি দিনৰ ভাগত পিপ’লছ লিবাৰেচন ফ্রণ্ট অৱ ইণ্ডিয়া (পিএলএফআই)ৰ এগৰাকী প্রাক্তন সদস্যক ৮০জনতকৈ অধিক লোকে নৃশংসভাৱে হত্যা কৰে৷

ইতিমধ্যে চাৰিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷ এই ঘটনাত অন্য তিনিজন লোক আহত হোৱা বুলি সদৰী কৰিছে আৰক্ষীয়ে৷ অৱশ্যে তাৎক্ষণিকভাৱে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযোগত কোনো লোকক গ্রেপ্তাৰ কৰা নাই৷

You might also like