নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ লাদাখৰ আকাশত দপদপনি স্বদেশী হেলিকপ্টাৰৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ পথত আৰু এখোজ আগুৱাই গ’ল ভাৰত । এইবাৰ চীনা আগ্ৰাসনৰ উত্তৰ দিবলৈ লাদাখ সীমান্তত মোতায়েন কৰা হ’ল সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত নিৰ্মিত লাইট কমবেট হেলিকপ্টাৰ (LCH)।

জনা গৈছে দেশীয় বিমান নিৰ্মানকাৰী সংস্থা Hindustan Aeronautics Limited (HAL) নির্মিত দু’টি LCH হেলিকপ্টাৰে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত লাদাখ সীমান্তত টহল দিছে । অত্যন্ত কম ওজনৰ হেলিকপ্টাৰখনত আছে ৰকেট ও অত্যাধুনিক স্বয়ংক্ৰিয় কামান ।

লাদাখৰ পাহাৰীয়া অতি দুৰ্গম অঞ্চলৰ বাবে এই হেলিকপ্টাৰ স্থল সেনা আৰু বায়ু সেনাৰ বাবে তৈয়াৰ কৰা হৈছে ।

ইপিনে চলিত বৰ্ষৰ শেষৰ ফালে Hindustan Aeronautics Limited (HAL) য়ে বায়ু সেনাৰ বাবে ১০ খন আৰু স্থল সেনাৰ বাবে ৫ খন এনে অত্যাধুনিক প্ৰযুক্তিৰ দেশীয় হেলিকপ্টাৰ নিৰ্মাণ কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে ।

You might also like