নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক আৱেগিক দিন আখ্যা আদৱানিৰ

লৌহ পুৰুষৰ অৱদানক স্মৰণ মোহন ভাগৱতৰ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ ১৯৯০ চনত অযোধ্যালৈ ৰথযাত্রা আৰম্ভ কৰিছিল লালকৃষ্ণ আদৱানিয়ে৷ ইয়াৰ ৩০ বছৰৰ পাছত অযোধ্যাত ৰাম মন্দিৰ নির্মাণ বাস্তৱ হৈ পৰিল৷ কিন্তু এই ঐতিহাসিক দিনটোত আদৱানি সোঁশৰীৰে ৰাম জনমভূমিত উপস্থিত থাকিব নোৱাৰিলে৷ ক’ৰোনা ভাইৰাছ সৃষ্ট পৰিস্থিতিৰ বাবে তেওঁ ঘৰৰ পৰাই ভূমি পূজনৰ অনুষ্ঠান প্রত্যক্ষ কৰিলে৷ অৱশ্যে বুধবাৰে  ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে তেওঁ অনুষ্ঠানৰ অংশীদাৰ হয়৷ আন এজন বর্ষীয়ান নেতা মুৰলী মনোহৰ যোশীয়েও ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এই অনুষ্ঠান প্রত্যক্ষ কৰে৷ প্রধানমন্ত্রী মোদীয়ে নিজৰ ভাষণত আদৱানিৰ নাম উল্লেখ নকৰিলেও আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে তেওঁৰ অৰিহণাৰ কথা স্মৰণ কৰে৷ ‘বহু লোকে আত্মত্যাগ কৰিলে৷ তেওঁলোকৰ সকলোৱেই এই অনুষ্ঠানত অংশ ল’ব পৰা নাই৷ মই নিশ্চিত যে আদৱানিয়ে ঘৰৰ পৰাই এই অনুষ্ঠান প্রত্যক্ষ কৰিছে৷’ –ভাগৱতে কয়৷ তেওঁ কয় যে ৰাম মন্দিৰ নির্মাণৰ সংকল্পক বাস্তৱ ৰূপ দিবলৈ ৩০ বছৰৰ প্রয়োজন হ’ল৷ মোৰ মনত আছে যে আৰ এছ এছৰ তদানীন্তন মুৰব্বী বালাচাহেব দেওৰাছে তেতিয়াই মন্দিৰ নির্মাণৰ সপোন বাস্তৱ কৰিবলৈ ২০–৩০ বছৰৰ প্রয়োজন হ’ব বুলি আমাক কৈছিল৷ আজি সমগ্র দেশতে আনন্দৰ জোৱাৰ উঠিছে ৰাম মন্দিৰ নির্মাণৰ কাম আৰম্ভক লৈ৷ ইপিনে, ভূমি পূজনৰ দিনটোক আদৱানিয়ে ঐতিহাসিক আৰু আৱেগিক দিন বুলি আখ্যা দিয়ে৷ মঙলবাৰে নিশা লৌহ পুৰুষগৰাকীয়ে কয়– কিছুমান সপোন পূৰণ হ’বলৈ অপেক্ষাৰ প্রয়োজন হয়৷ কিন্তু সপোন বাস্তৱ হ’লে দীর্ঘ অপেক্ষাও অটুট হয়৷ মোৰ হূদয়ৰ নিভৃত কোণত থকা এটা সপোন ফলৱতী হ’ল৷

You might also like