নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্টৰ সংখ্যা বৃদ্ধিৰ ওপৰত প্রধানমন্ত্রীৰ গুৰুত্ব, ১০ ৰাজ্যৰ মুখ্যমন্ত্রীৰে মোদীৰ আলোচনা

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ   ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত দেশৰ জয় সুনিশ্চিত কৰিবলৈ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷ ১০খন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে মঙলবাৰে অনুষ্ঠিত বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে যিকেইখন ৰাজ্যত পৰীক্ষাৰ হাৰ কম হোৱাৰ বিপৰীতে পজিটিভ ৰোগীৰ হাৰ বৃদ্ধি পাইছে, সেই ৰাজ্যকেইখনে টেষ্টৰ সংখ্যা অনতিবিলম্বে বৃদ্ধি কৰাটো অত্যন্ত প্রয়োজনীয়৷ এই ১০খন ৰাজ্যত টেষ্টৰ সংখ্যা বৃদ্ধি কৰিলে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত ভাৰতো জয়ী হ’ব৷ তেওঁ এইক্ষেত্রত বিশেষভাৱে বিহাৰ, গুজৰাট, উত্তৰপ্রদেশ, পশ্চিমবংগ আৰু তেলেংগানাৰ নাম উল্লেখ কৰে৷ মোদীয়ে উল্লেখ কৰে যে ১০খন ৰাজ্যত টেষ্টৰ বিপৰীতে পজিটিভ ৰোগীৰ হাৰ যথেষ্ট বেছি৷ এই ১০খন ৰাজ্যতে ৮০ শতাংশ পজিটিভ ৰোগী আছে৷ সেয়ে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত এই ৰাজ্যকেইখনৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ৷ উক্ত ৰাজ্যসমূহক একত্রিতভাৱে ক’ৰোনা ভাইৰাছক প্রতিৰোধৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ প্রধানমন্ত্রীয়ে মঙলবাৰৰ বৈঠকত মুখ্যমন্ত্রীসকলক আহ্বান জনায়৷ বৈঠকত তেওঁ এই কথাও উল্লেখ কৰে যে দেশত বর্তমান প্রতিদিনে ৭ লাখ টেষ্ট হৈছে৷ প্রতিদিনে টেষ্টৰ সংখ্যা বাঢ়ি আছে৷ অধিক মনোনিৱেশ কৰি চেষ্টা অব্যাহত ৰাখিলে মৃত্যুৰ হাৰ ১ শতাংশৰ কম কৰাটো সম্ভৱ বুলি প্রধানমন্ত্রী মোদীয়ে দৃঢ়তা ব্যক্ত কৰে৷ বিশ্বত মৃত্যুৰ হাৰৰ তুলনাত ভাৰতত নিম্ন হোৱাটো সন্তুষ্টিৰ বিষয় বুলিও তেওঁ কয়৷ প্রধানমন্ত্রীৰ মতে, চৰকাৰে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থাৱলীৰ সুফল পোৱা গৈছে আৰু সেয়ে মানুহৰ আস্থা জয় কৰিবলৈও সক্ষম হৈছে৷ মানুহৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ বিপৰীতে সংক্রমণৰ আশংকাৰ পৰা তেওঁলোক মুক্ত হ’ব পাৰিছে৷ মানুহে প্রকৃত পৰিস্থিতি বুজি পাইছে আৰু স্বতঃস্ফূর্তভাৱে সহযোগ কৰাও আৰম্ভ কৰিছে৷ বৈঠকত উপস্থিত থকা মুখ্যমন্ত্রীসকলৰ ভিতৰত আছিল উত্তৰপ্রদেশৰ যোগী আদিত্যনাথ, পশ্চিমবংগৰ মমতা বেনার্জী, পঞ্জাবৰ অমৰিন্দৰ সিং, মহাৰাষ্ট্রৰ উদ্ধৱ থাক্ৰে, গুজৰাটৰ বিজয় ৰূপানী, বিহাৰৰ নীতিশ কুমাৰ আদি৷

You might also like