নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ঘণ্টাজোৰা দুঃসাহসী যাত্ৰাঃ আহত মহিলাক ষ্ট্ৰেচাৰত উঠাই হাস্পতাললৈ নিলে ITBP ৰ জোৱানে, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ প্রবল বৃষ্টিপাত আৰু পাহাৰীয়া পথেৰে এগৰাকী আহত মহিলাক ১৫ ঘণ্টা ধৰি ষ্ট্ৰেচাৰত উঠাই হাস্পতাললৈ নিলে ইন্দো-টিবেটান বর্ডাৰ পুলিছৰ(ITBP) জোৱানে।

লগতে পঢ়কঃ মোৰ মুখ্যমন্ত্রী হোৱাৰ আকাংক্ষা–আগ্রহ নাইঃ ৰঞ্জন গগৈ

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ এক অত্যন্ত পাহাৰীয়া গ্রাম্য অঞ্চলত দুৰ্ঘটনাত পৰি আঘাতপ্ৰাপ্ত হৈছিল মহিলাগৰাকী। বিগত ২০ আগষ্টলৈকে ঘৰত আছিল তেওঁ। পাছত তেওঁক উদ্ধাৰ কৰি আই টি বি পিৰ জোৱানসকলে হাস্পতাললৈ আনে।

 

চাওক ভিডিঅ’-

উল্লেখ্য যে তেওঁলোকে অতিক্ৰম কৰা পথ আছিল অতি দুর্গম, একাধিক নলা, পাহাৰীয়া খৰস্ৰোতা নদীৰে আৱৰা। এই সকলো পাৰ হৈ ৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল তেওঁলোকে।

বৰ্তমান মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

You might also like