নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত সেনাৰ বৃহৎ সফলতা; ২ সন্ত্ৰাসবাদী নিহত

নিয়মীয়া বার্তা, ১৩ আগষ্টঃ দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত ২ সন্ত্ৰাসবাদী নিহত । বুধবাৰে সেনা আৰু আৰক্ষীৰ দলে অভিযান চলাই লস্কৰৰ এই ২ সন্ত্ৰাসবাদী নিহত হোৱা স্থানৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে গোলা বাৰুদ উদ্ধাৰ কৰে । ইয়াৰ ভিতৰত AK47 ৰ ১৯১৮ কাৰ্টুজ, ২ টা গ্ৰেনেড, এমনিয়াম নাইট্ৰেটৰ দৰে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । লগতে ৫৪০০ টকা, বাচন, গেছ ষ্টোভ, গেছ চিলিণ্ডাৰ আৰু আন খাদ্য সামগ্ৰীও উদ্ধাৰ হৈছে ।

উল্লেখ্য যে সেনাৰ ৫০-আৰ আৰ (ৰাষ্ট্ৰীয় ৰাইফল), চিআৰপিএফৰ ১৩০ বেটেলিয়ন আৰু অৱন্তিপুৰা আৰক্ষীৰ দলে এই সফল অভিযানত অংশ লয় ।

You might also like