নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেকেপিএমৰ মুৰব্বী পদ ত্যাগ শ্বাহ ফিছালৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ আই এ এছ বিষয়াৰ চাকৰি বাদ দি জম্মু–কাশ্মীৰত নতুন ৰাজনৈতিক দল গঠন কৰা শ্বাহ ফিছালে দলটোৰ সভাপতি পদ ত্যাগ কৰিছে৷ ২০১৯ চনত ভাৰতীয় প্রশাসনিক বিষয়াগৰাকীয়ে জম্মু–কাশ্মীৰ পিপলছ মুভমেণ্ট (জে কে পি এম) নামৰ ৰাজনৈতিক দলটো গঠন কৰিছিল৷ সোমবাৰে অনুৰাগীসকলক হতচকিত কৰি দলৰ মুৰব্বীৰ পদ ত্যাগ কৰিছে ফিছালে৷ পুনৰ ফিছালে জম্মু–কাশ্মীৰ প্রশাসনৰ বিষয়া হিচাপে যোগদান কৰিব বুলি সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ দলটোৰ তৰফৰ পৰা প্রকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে উপ–সভাপতি ফিৰোজ পিৰজাদাই সভাপতিৰ দায়িত্ব পালন কৰিব৷ অৱশ্যে শীঘ্রে সভাপতি পদৰ বাবে অনুষ্ঠিত কৰা হ’ব নির্বাচন৷ ২০০৯ চনত ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাত প্রথমগৰাকী কাশ্মীৰী হিচাপে শীর্ষস্থান দখল কৰা ফিছালে ২০১৯ৰ ১৭ মার্চত গঠন কৰিছিল জে কে পি এম নামৰ ৰাজনৈতিক দলটো৷

You might also like