নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যাৰ মাটি–পানীৰে ৰাম মন্দিৰৰ ভূমি পূজন

প্রধানমন্ত্রীয়ে আজি স্থাপন কৰিব পৰম আকাংক্ষিত আধাৰশিলা

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ অনস্বীকার্য হৈ ৰ’ব অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰ নির্মাণত অসমৰ অৱদানৰ কথা৷ ৰাম জন্মভূমিৰ পৱিত্র মাটিৰে নির্মাণ কৰা হ’ব ৰাম লাল্লাৰ (শিশু ৰাম) প্রতিমূর্তি৷ এই প্রতিমূর্তি নির্মাণৰ কামত নিয়োজিত হৈছে অসমৰ এটা পৰিয়াল৷ শিলচৰৰ ৰামকৃষ্ণ পল্লীৰ তিনিটা প্রজন্মৰ সন্মিলিত প্রচেষ্টাত চলি আছে ভগৱান ৰামৰ শিশুকালৰ পৰা বিভিন্ন সময়ৰ প্রতিমূর্তি নির্মাণৰ কাম৷ নির্মাণথলীৰ নামকৰণ কৰা হৈছে ‘ৰাম কথা কুঞ্জ’৷ সত্তৰ বছৰীয়া পিতৃ নাৰায়ণ চন্দ্র মণ্ডল আৰু আঢ়ৈ বছৰীয়া কণমানি পুত্র কৃতিত্বৰ সহযোগিতাত ৪২ বছৰীয়া ৰঞ্জিত দত্তই ২০১৩ চনৰ পৰা ইতিমধ্যে প্রায় ১৫০টা মূর্তি নির্মাণ কৰিবলৈ সক্ষম হৈছে৷ বর্তমানে ভগৱান ৰামৰ জন্মথলীৰ পৰা কঢ়িয়াই অনা পৱিত্র মাটিৰে ৰঞ্জিতে ৰাম লাল্লাৰ প্রতিমূর্তি নির্মাণত ব্যস্ত হৈ পৰিছে৷ বিশ্বৰ সর্ববৃহৎ মন্দিৰ হিচাপে নির্মাণ কৰিবলগীয়া ৰাম মন্দিৰৰ প্রতিটো চুকে–কোণে সু–সজ্জিত হৈ ৰ’ব ৰামৰ কাহিনী সম্বলিত প্রতিমূর্তিবোৰ৷ এই মূর্তিবোৰৰ দ্বাৰা ৰামায়ণৰ কাহিনী বর্ণিত থাকিব৷ ঐতিহাসিক ৰাম মন্দিৰৰ মূর্তি নির্মাণত অসমৰ এই অৱদানৰ সমান্তৰালকৈ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আধাৰশিলা স্থাপন তথা ভূমি পূজন অনুষ্ঠানতো অসমৰ ভূমিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিব৷ বাস্তৱত নৰেন্দ্র মোদীৰ ভূমি পূজন অনুষ্ঠানত ব্যৱহাৰ কৰা হ’ব কামাখ্যা মন্দিৰৰ পৰা কঢ়িয়াই অনা মাটি আৰু জল৷ ইয়াৰ বাবে গুৱাহাটীৰ পৰা তিনিজনীয়া দল এটা সোমবাৰে অযোধ্যা আহি পাইছে৷ ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসক দলটোৱে মঙলবাৰে পুৱাৰ ভাগত নীলাচল পাহাৰত থকা কামাখ্যাৰ মাটি আৰু জল আনুষ্ঠানিকভাৱে প্রদান কৰে৷ এই মহান কর্ম সম্পাদন কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজু বিশ্বাস, সুকোমল দে’ আৰু গৌতম দাস৷ বিশ্বাসৰ মতে, তেওঁলোক আজি জীৱনৰ আটাইতকৈ পুণ্য কামটো কৰিছে৷ ঐতিহাসিক ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ দিনটোত অযোধ্যাত উপস্থিত থকাৰ সুযোগ লাভৰ বাবে তেওঁলোকৰ জীৱন আজি ধন্য হৈ পৰিল বুলি সুকোমল দাসে মন্তব্য কৰে৷ ৰাম জন্মভূমিৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ বাবে তেওঁলোক লগতে গর্ব অনুভৱ কৰিছে৷

‘নিয়মীয়া বার্তা’ৰ আগত ৰাজু বিশ্বাসে প্রকাশ কৰা মতে, তেওঁলোক আজি ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসক কামাখ্যাৰ মাটি অর্পণ কৰাৰ লগতে মন্দিৰৰ সৌভাগ্য কুণ্ড আৰু গর্ভৰ পানীও অর্পণ কৰিছে৷ লক্ষণীয়ভাৱে প্রস্তাৱিত ৰাম মন্দিৰত দেৱী কামাখ্যাৰ পৱিত্র ৰঙা বস্ত্রও সু–সজ্জিত থাকিব৷ আনহাতে, সুদূৰ গুৱাহাটী, নলবাৰী আৰু মৰিগাঁৱৰ পৰা পাঁচজনীয়া দল এটাও মঙলবাৰে অযোধ্যাত আহি উপস্থিত হয়৷ পিছে তেওঁলোকৰ অযোধ্যা ভ্রমণৰ উদ্দেশ্য কিছু সুকীয়া৷ গুৱাহাটীৰ সুনীল সিঙে প্রকাশ কৰা মতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে  ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ পাছত তেওঁলোক অযোধ্যাৰ পৱিত্র ৰাম জন্মভূমিৰ মাটি অসমলৈ কঢ়িয়াই নিব৷ অযোধ্যাৰ পৰা কঢ়িয়াই নিয়া মাটিৰে তেওঁলোক অসমতো অযোধ্যাৰ আর্হিত ৰাম মন্দিৰ স্থাপন কৰিব৷ সকলো এতিয়া প্রাৰম্ভিক পর্যায়ত আছে যদিও অচিৰেই অসমতো ৰাম মন্দিৰ নির্মাণ কৰা হ’ব বুলি সিঙে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়ে৷

উল্লেখ্য যে অযোধ্যাৰ মাটিৰে অসমত ৰাম মন্দিৰ নির্মাণৰ দায়িত্ব লৈছে ৰাজ্যৰ হিন্দু সুৰক্ষা সেনাই৷ ইপিনে অযোধ্যাত ভগৱান ৰামৰ মূর্তি নির্মাণ কৰি থকা অসমৰ ৰঞ্জিতে প্রকাশ কৰা মতে, সকলো ঠিকে–ঠাকে থাকিলে অহা তিনি বছৰৰ ভিতৰত অযোধ্যাত বহু প্রতীক্ষিত ৰাম মন্দিৰ নির্মাণৰ কাম সম্পন্ন হ’ব৷ প্রস্তাৱ অনুসৰি তিনিমহলীয়া হ’ব অযোধ্যাৰ ৰাম মন্দিৰ৷ ২৬৮ ফুট দৈর্ঘ্য আৰু ১৪০ ফুট প্রস্থৰ মন্দিৰৰ উচ্চতা হ’ব ১৬১ ফুট৷ থাকিব পাঁচটাকৈ গম্বুজ৷ ৰঞ্জিতে দাবী কৰা মতে, বিশ্বৰ সর্বোচ্চ মন্দিৰ হ’বগৈ অযোধ্যাৰ ৰাম মন্দিৰ৷ গুজৰাটৰ সোমনাথ মন্দিৰতকৈও ওখ হ’ব এই মন্দিৰ৷ মন্দিৰ নির্মাণত ব্যৱহাৰ কৰা নহ’ব লোহা কিম্বা ইটা৷ সম্পূর্ণ মার্বল পাথৰ আৰু পিংক পাথৰেৰে নির্মাণ কৰিবলগীয়া ৰাম মন্দিৰৰ ৭০ শতাংশ আন্তঃগাঁথনিৰ কাম ইতিমধ্যেই সম্পন্ন হোৱা বুলি ৰঞ্জিতে দাবী কৰিছে৷ তেওঁৰ মতে, মন্দিৰ নির্মাণৰ বাবে প্রয়োজন হ’বলগীয়া মুঠ ১,৬৫,০০০ বর্গমিটাৰৰ পাথৰ ইতিমধ্যে অযোধ্যাত মজুত আছে৷ ৰঞ্জিতৰ দেউতা নাৰায়ণ চন্দ্র মণ্ডলে প্রকাশ কৰা মতে, মন্দিৰৰ শেষ প্রান্তত থাকিব গর্ভগৃহ, লোকবিশ্বাস অনুসৰি য’ত ভগৱান ৰামে জন্ম লাভ কৰিছিল৷ ঐতিহাসিক ৰাম মন্দিৰৰ ৰামৰ মূর্তি নির্মাণৰ সৌভাগ্য লাভ কৰাৰ বাবে মণ্ডল প্রজন্মই আজি সঁচাকৈ গর্বিত৷ ‘আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ৷ ৰাম জন্মভূমিৰ দৰে ঐতিহাসিক ঠাইত ৰামৰ মূর্তি নির্মাণৰ দায়িত্ব আমি পাইছেছা৷ সুদূৰ অসমৰ পৰা এই মহান কার্য সিদ্ধি কৰাৰ যি দায়িত্ব আমি পালোঁ, আমি ভাবোঁ তাৰ বাবে পূর্বজন্মত আমি সম্ভৱতঃ কিবা পুণ্যৰ কাম কৰিছিলোঁ৷’ –তিনি প্রজন্মৰ মণ্ডলৰ বাবে এয়াই আছিল জীৱনৰ মহান প্রাপ্তি৷

You might also like