নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰ সন্দর্ভত ভাৰতৰ সিদ্ধান্ত অবৈধ!

ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱৰ প্রসংগ উত্থাপন চীনৰ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি উপত্যকা প্রদেশখনক দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ এবছৰ সম্পূর্ণ হোৱাৰ মুহূর্তত পাকিস্তানৰ পাছত আজি চীনেও বিতর্কিত মন্তব্য আগবঢ়াইছে৷ উল্লেখনীয় যে পাক প্রধানমন্ত্রী ইমৰান খানে জম্মু–কাশ্মীৰক সামৰি লৈ দেশখনৰ নতুন মানচিত্র মুকলি কৰি কালি নতুন দিল্লী প্রশাসনৰ সমালোচনাৰ সন্মুখীন হৈছে৷ আজি চীনা বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৱাং ৱেনবিনে ভাৰতে কাশ্মীৰ উপত্যকাক লৈ গ্রহণ কৰা সিদ্ধান্ত সন্দর্ভত উত্থাপিত এক প্রশ্ণৰ উত্তৰত কৈছে যে জম্মু–কাশ্মীৰক ভাৰতে অবৈধভাৱে দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাটো অবৈধ৷ এয়া কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্যও কৰিছে মুখপাত্রগৰাকীয়ে৷ একপক্ষীয়ভাৱে দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰি জম্মু–কাশ্মীৰৰ পূর্বৰ অৱস্থা সলনি কৰিব পৰা নাযায় বুলিও প্রতিক্রিয়া প্রকাশ কৰিছে ৱেনবিনে৷ উল্লেখনীয় যে যোৱা বছৰ ৫ আগষ্টত ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই কাশ্মীৰ উপত্যকাক জম্মু–কাশ্মীৰ আৰু লাডাখ হিচাপে দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰিছিল৷ তেতিয়াৰে পৰা প্রতিৱেশী ৰাষ্ট্র পাকিস্তানে এই সিদ্ধান্তৰ প্রতিবাদ কৰি আহিছে আৰু পাকিস্তানৰ মিত্র দেশ চীনেও ভাৰতৰ এই স্থিতিক সমালোচনা কৰি আহিছে৷ কাশ্মীৰ সন্দর্ভত চীনৰ স্থিতি স্পষ্ট বুলি উল্লেখ কৰি ৱেনবিনে কয় যে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱ আৰু ভাৰত–পাকিস্তানৰ দ্বিপাক্ষিক চুক্তি অনুসৰিহে সমস্যাটোৰ সমাধান বিচাৰিব লাগিব৷

You might also like