নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত ৰানৱেত পিছলি দুটুকুৰা এয়াৰ ইণ্ডিয়াৰ বিমান

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ কেৰালাত শোকাৱহ ভূমিস্খলনত শুকুৰবাৰে ১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছতেই সন্ধিয়া এয়াৰ ইণ্ডিয়াৰ বিমান এখন অৱতৰণৰ সময়ত ক’ঝিকোড বন্দৰৰ কালিকট ৰানৱেত পিছলি দুটুকুৰা হোৱাৰ ফলত বিমানখনৰ দুয়োগৰাকী পাইলটসহ মুঠ ১৮গৰাকী লোক নিহত হৈছে৷ এই ঘটনাত আন কেইবাগৰাকীও যাত্রী গুৰুতৰভাৱে আহত হোৱা বুলি এয়াৰ ইণ্ডিয়াৰ বিবৃতিত সদৰী কৰা হৈছে৷ অসামৰিক উৰণ বিভাগৰ সঞ্চালকপ্রধানে প্রকাশ কৰা বিবৃতি অনুসৰি এয়াৰ ইণ্ডিয়া এক্সপ্রেছৰ আই এক্স বি–১৩৪৪, বয়িং ৭৩৭ বিমানখন ডুবাইৰ পৰা কালিকটলৈ আহি আছিল৷ বিমানখনত ১৮৪গৰাকী যাত্রীসহ মুঠ ১৯০গৰাকী লোক আছিল বুলি বিবৃতিটোত সদৰী কৰা হৈছে৷ মুষলধাৰ বৃষ্টিপাতৰ বাবেই ৰানৱেত অৱতৰণৰ সময়ত বিমানখন পিছলি গৈ সমুখভাগটো ভাগি যায়৷ গুৰুতৰভাৱে আহত লোকসকলক তাৎক্ষণিকভাৱে হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ অৱশ্যে অৱতৰণৰ সময়ত কোনো ধৰণৰ অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ তাৎক্ষণিক তথ্য সদৰী কৰা নাই এয়াৰ ইণ্ডিয়া এক্সপ্রেছে৷ বিমানখনত দুগৰাকী পাইলটসহ মুঠ ৬গৰাকী কর্মী আছিল৷ এই ৬গৰাকী কর্মীৰ ভিতৰত আছিল ৪গৰাকী কেবিন ক্রিউ৷ লক্ষণীয়ভাৱে কেইবাটাও সংবাদ সংস্থাই নিহত লোকৰ সংখ্যা ভিন ভিন বুলি উল্লেখ কৰিছে৷ এন ডি টিভিৰ মতে এই দুর্ঘটনাত দুয়োগৰাকী পাইলটসহ মুঠ ১১গৰাকী লোক নিহত হৈছে৷ এই বাতৰি যুগুতোৱা পৰলৈ দুর্ঘটনাগ্রস্ত বিমানখনত আবদ্ধ হৈ আছে চাৰিগৰাকী যাত্রী৷ ৫০জনতকৈ অধিক যাত্রীক হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ ইয়াৰে ১৫জনৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰা হৈছে৷ ইফালে ডুবাইৰ পৰা অহা যাত্রীসকলৰ সৈতে আছিল ১০টাকৈ শিশু৷ কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে এই ঘটনাত গভীৰ শোক ব্যক্ত কৰাৰ উপৰি কাৰিপুৰস্থিত ক’ঝিকোড আন্তর্জাতিক বিমানবন্দৰত আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীক তাৎক্ষণিক ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ কেৰালা চৰকাৰে বিমানখন দুর্ঘটনাত পতিত হোৱাৰ পাছত দুর্গত যাত্রীসকলৰ নিকটাত্মীয়ই তাৎক্ষণিক যোগাযোগ কৰিব পৰাকৈ চাৰিটা হেল্পলাইন নম্বৰ মুকলি কৰি দিছে৷ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক যাত্রীসকলক উদ্ধাৰ কৰাৰ লগতে যাৱতীয় চিকিৎসা সাহায্য প্রদানৰ ক্ষেত্রত যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিবলৈও নির্দেশ দিছে বিজয়নে৷ প্রাক্তন কেন্দ্রীয় মন্ত্রী কেজে আলপনছে ছ’চিয়েল মিডিয়া টুইটাৰযোগে বিমানখনৰ সমুখভাগ ভাগি যোৱাৰ আলোকচিত্র মুকলি কৰি দিছে৷ ইফালে, কেৰালাৰ স্বাস্থ্যমন্ত্রী কেকে শৈলাজাই আহত যাত্রীসকলৰ খবৰ লৈছে ক’ঝিকোড আৰু মালাপ্পুৰম হাস্পতালত৷ ডুবাইস্থিত ভাৰতীয় দূতাবাসে উল্লেখ কৰা অনুসৰি বন্দে ভাৰত মিছনৰ অধীনত বিমানখনে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে আবদ্ধ হৈ থকা লোকক গৃহভূমিলৈ ওভতাই আনিছে৷ ক’ঝিকোড বন্দৰৰ বিষয়ববীয়াই উল্লেখ কৰা অনুসৰি প্রতিকূল বতৰ তথা মুষলধাৰ বৃষ্টিপাতৰ বাবেই ৰানৱেত অৱতৰণ কৰাৰ মুহূর্তত ৩৫ ফুট তলত ছিটিকি পৰিছিল বিমানখন৷ ইয়াৰ ফলত বিমানখন দুটুকুৰা হয় আৰু সন্মুখভাগৰ আটাইবোৰ যাত্রী নিহত হোৱা বুলি আশংকা কৰা হৈছে৷ এই শোকাৱহ দুর্ঘটনাৰ পাছতে দেশজুৰি সৃষ্টি হৈছে শোকাকুল পৰিস্থিতি৷ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে এই দুর্ঘটনাৰ পাছতে গভীৰ শোক ব্যক্ত কৰি নিহত লোকসকলৰ নিকট পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like