নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচি সংলগ্ন ৬ স্থানত পিএলএৰ ব্যাপক সমাৱেশ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ   লাডাখত অপমানজনক পৰাজয়ৰ সন্মুখীন হৈও নিজৰ আগ্রাসী চৰিত্র উদঙাই অৰুণাচল প্রদেশক লৈ এইবাৰ নতুন ষড়যন্ত্রত লিপ্ত হৈছে ৰঙা চীন৷ অৰুণাচল প্রদেশৰ ভূমিক নিজৰ মানচিত্রৰ অধীনলৈ নিয়াৰ বাৰম্বাৰ চেষ্টা কৰি থকা বেইজিং অতি শেহতীয়াকৈ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি) সংলগ্ণ ছটাকৈ অঞ্চলত পিপলছ লিবাৰেচন আর্মী অর্থাৎ পি এল এৰ ব্যাপক সমাৱেশ ঘটাইছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ নির্দেশতেই অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিত তৎপৰ হৈ পৰিছে ড্রেগন বাহিনী৷ পি এল এৰ এনে সামৰিক তৎপৰতাৰ বিপৰীতে যিকোনো মুহূর্ততে প্রত্যাহ্বানৰ মুখামুখি হ’বলৈ ভাৰতীয় সেনাবাহিনীও সকলো দিশৰ পৰাই সাজু হৈছে৷ দুয়োপক্ষৰ এনে তৎপৰতাত সম্প্রতি অৰুণাচল প্রদেশৰ আপাৰ সোৱণশিৰি জিলাৰ আছাপিলা–লংজু–বিছা–ম্ অঞ্চলত কার্যতঃ বিৰাজ কৰিছে যুদ্ধসদৃশ পৰিস্থিতি৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– সামৰিক কৌশলগতভাৱে প্রাধান্য লাভ কৰি অহা আছাপিলা অঞ্চলক নিজৰ ভূখণ্ডৰ অধীনস্থ বুলি বাৰম্বাৰ দাবী কৰা চীনে অতি শেহতীয়াকৈ বিছা সংলগ্ণ এল এ চিৰ সিপাৰে এটা পথো নির্মাণ কৰিছে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি ড্রেগন বাহিনীৰ আগ্রাসী মনোভাবৰ বাতৰি লাভ কৰাৰ পাছতে অৰুণাচল প্রদেশৰ চাৰি স্পর্শকাতৰ এলেকাত ভাৰতীয় সেনাক সতর্ক হৈ থকাৰ নির্দেশ দিয়া হৈছে৷ বিশেষকৈ ১৯৬২ চনত পি এল এৰে যুদ্ধ সংঘটিত হোৱাত ছয় বিবদমান আৰু চাৰি স্পর্শকাতৰ এলেকাত গতিবিধি অতি সতর্কতাৰে পর্যবেক্ষণ কৰি আছে ভাৰতীয় সেনাই৷ সূত্রটোৰ মতে অৰুণাচল প্রদেশক লৈ কৰা ষড়যন্ত্রই বেইজিঙৰ কথা আৰু কামত মিল নথকাটোৱে পুনৰ প্রতীয়মাণ কৰিলে৷ সেয়েহে চীনক ৰুধিবলৈ এল এ চি সংলগ্ণ অৰুণাচল প্রদেশৰ বিভিন্ন ঠাইত পেট্র’লিং বঢ়াই দিয়া হৈছে৷ অৱশ্যে শীতকালত আছাপিলা অঞ্চলত ড্রেগন বাহিনীয়ে দীর্ঘসময় টিকি থাকিব নোৱাৰিব বুলি দাবী কৰিছে সূত্রটোৱে৷ কিন্তু হঠাতে অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিৰ সিপাৰে পি এল এৰ ব্যাপক সমাৱেশ ঘটাৰ আঁৰত যে এক ষড়যন্ত্র নিহিত হৈ থাকিব পাৰে, তাৰ পূর্ণ আশংকা কৰি সূত্রটোৱে কয় যে লাডাখত ভাৰতীয় সেনাৰ সন্মুখত তিষ্ঠিব নোৱাৰি এতিয়া অৰুণাচল প্রদেশ সীমান্তত চীনা সৈন্যই ষড়যন্ত্র ৰচনাৰ চেষ্টা কৰিছে৷ ইয়াৰ বাবেই বেইজিঙে এল এ চিত ব্যাপক হাৰত সৈন্য মোতায়েনৰ কাম আৰম্ভ কৰিছে৷ এনেধৰণৰ সকলো ষড়যন্ত্র প্রতিহত কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সেনা৷ ইফালে, লাডাখ সীমান্তত অব্যাহত থকা সংঘাতপূর্ণ পৰিস্থিতিৰ মাজতে ভাৰতীয় সেনাই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ এল এ চিৰ সংলগ্ণ ছটাকৈ অতি গুৰুত্বপূর্ণ শৃংগ বিগত তিনি সপ্তাহত নিজৰ দখলত আনিছে ভাৰতীয় সেনাই৷ চৰকাৰী সূত্রৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠানে এই সন্দর্ভত প্রকাশ কৰা বাতৰি অনুসৰি যোৱা ২৯ আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ভাৰতীয় সেনাই মগৰ হিল, গুৰুং হিল, ৰাছেহেন লা, ৰেজাং লা, মোখা পাৰি আৰু ফিংগাৰ–৪ৰ সমীপৱর্তী চীনৰ আধিপত্য থকা এটা শৃংগ নিজৰ দখললৈ আনে৷ লক্ষণীয়ভাৱে ভাৰতীয় সেনাৰ এই সফলতাৰ পাছতেই লাডাখত পুনৰ সক্রিয় হৈ পৰিছে পি এল এ৷ অতি শেহতীয়াকৈ ৰেজাং লা আৰু ৰাছেহেন লাত পি এল এৰ অতিৰিক্ত তিনি হাজাৰ জোৱান মোতায়েন কৰা হৈছে৷ ইয়াৰ উপৰি পি এল এৰ ম’ল্ডো গেৰিছনকো সক্রিয় কৰি তুলিছে উক্ত অঞ্চলত৷

You might also like