নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

lupin য়ে ভাৰতত মুকলি কৰিলে ক’ৰোনাৰ ঔষধ Covihalt

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ ঔষধ নিৰ্মাণ কোম্পানী lupin য়ে বুধবাৰে ভাৰতত সাধাৰণ অথবা মধ্যম লক্ষণ থকা কোভিডত আক্ৰান্ত ৰোগীৰ বাবে এণ্টিভাইৰেল ঔষধ ভেবিপিৰাবিৰ (Anti Viral Drug Favipiravir) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। Covihalt নামেৰে মুকলি হ’ব লগীয়া ঔষধটোৰ দাম ভাৰতত এটা টেবলেটৰ মূল্য ৪৯ টকা ।

lupin ৰ এজন কৰ্মাচাৰীয়ে কয় যে এই ঔষধটো জৰুৰীসময়ত ব্যৱহাৰ কৰিবৰ বাবে ড্ৰাগ কণ্ট্ৰল অফ ইণ্ডিয়াই (DCGI) মঞ্জুৰ কৰিছে। কোম্পানীটোৰ মতে ২০০ মিঃগ্ৰাঃ প্ৰতি টেবলেট মুকলি কৰা হ’ব।

৩৫ টকাত চান ফাৰ্মাৰ FluGuard

ইয়াৰ আগতে যোৱা ৪ আগষ্টত চান ফাৰ্মাই FluGuard বজাৰত মুকলি কৰিছে। ভাৰতত এণ্টিভাইৰেল ঔষধৰ ক্ষেত্ৰত সকলোতকৈ কম মূল্যত উপলব্ধ এই FluGuard । চান ফাৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতত প্ৰতিদিনে ৫০০০০ হাজাৰো অধিক লোক কোভিডত সংক্ৰমিত হৈছে। যাৰ বাবে অধিক বিকল্প উপলব্ধ কৰাবলৈ আৱশ্যক। চান ফাৰ্মা বিশ্বৰ চতুৰ্থ জেনেৰিক আৰু ভাৰতৰ শীৰ্ষ ঔষধ নিৰ্মাণ কৰা কোম্পানী।

You might also like