নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত কেছঃ নিজৰ জীয়েকক বিবাহ কৰাবলৈ ইচ্ছা প্ৰকাশ কৰা মহেশ ভাট সন্দেহৰ ঊৰ্ধ্বত নহয়

 নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ সুশান্ত সিং ৰাজপুত মৃত্যুৰ গোচৰ সন্দৰ্ভত মহেশ ভাটকো সোধা পোচা কৰা হৈছে। কেৱল সুশান্ত সিঙৰ ক্ষেত্ৰতেই নহয় ইয়াৰ আগতেও মহেশ ভট্ট ভিন্ন বিতৰ্কত সোমাই পৰিছিল।

মহেশ ভাট এনে ধৰণৰ বিতৰ্কৰ সোমাই পৰিছিল যেতিয়া নিজৰ কন্যা পূজা ভাট লগত বিবাহত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। দৰাচলতে এখন মনোৰঞ্জন আলোচনীৰ কাৰণে নিজৰ জীয়াৰী পূজা ভট্টৰ সৈতে ফটো শ্বুট কৰাইছিল। ফটো খনত মহেশ ভাট নিজৰ জীয়াৰীক ওঁঠত চুমা খাইছিল।

এই ফটো খন প্ৰকাশ হোৱাৰ লগে লগে বিতৰ্ক আৰম্ভ হৈছিল। সেই সময়ত সংবাদ মাধ্যমৰ চৰ্চিত বিষয় হৈ পৰিছিল উক্ত ঘটনাটো। বিতৰ্ক ইমানেই বৃদ্ধি হৈছিল যে ইয়াক শেষ কৰিবলৈ মহেশ ভাটে এক সংবাদ মেলৰ আয়োজন কৰিব লগীয়া হৈছিল, কিন্তু ইয়াৰ পিছত বিতৰ্ক আৰু বৃদ্ধি হে পালে।

দৰাচলতে সংবাদ মেলত মহেশ ভট্টে কৈছিল যে পূজা ভট্ট মোৰ জীয়াৰী নোহোৱা হ’লে মই তাইৰ লগত বিয়া পাতিলো হয়। এই মন্তব্যৰ পিছতেই মহেশ ভাট আৰু বিতৰ্কত সোমাই পৰিল।
তাৰ পিছত মহেশ ভাটে ক’বলৈ বাধ্য হৈছিল যে ফটো শ্বুট কৰাৰ পিছত তেওঁৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছিল যাৰ বাবে তেওঁ ডিপ্ৰেছনত আছিল আৰু এনে ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল।

উল্লেখ্য যে ৰিয়া চক্ৰৱৰ্তী আৰু মহেশ ভট্টৰ মধুৰ সম্পৰ্কৰ কথা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে। এনে মধুৰ সম্পৰ্কৰ বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। গতিকে ক’ব পাৰি বলিউদৰ পৰিচালক মহেশ ভাট কোনো সন্দেহৰ উৰ্ধ্বত নহয়।

You might also like