নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলকতে উৰি গৈছিল সকলো… লেবাননৰ বেইৰুট চহৰত বৃহৎ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ লেবাননৰ ৰাজধানী চহৰ বেইৰুটত সংঘটিত হ’ল এক বিশাল বিস্ফোৰণৰ ঘটনা। এই দুৰ্ঘটনা স্থানীয় সময় মতে মঙলবাৰে সন্ধিয়া সংঘটিত হয়। ঐতিহাসিক বেইৰুট চহৰৰ বৃহৎ অংশ এটা এই বিস্ফোৰণত ধ্বংসপ্ৰাপ্ত হয়।

এতিয়ালৈ পোৱা খবৰ মতে, প্ৰায় ১০০ গৰাকী লোকৰ মৃত্যু আৰু ৪০০০ লোক আহত হৈছে দুৰ্ঘটনাটোত। এটা সৰু পৰমাণু বোমাৰ দৰে হোৱা বিস্ফোৰণত প্ৰায় ১০ কিলোমিটাৰ দূৰলৈ ক্ষতিসাধন হয়। ইয়াৰ লগতে সমগ্ৰ বেইৰুট চহৰতে বিস্ফোৰণৰ বাবে ৪.৫ ৰিখটাৰ স্কেলৰ কম্পনো অনুভূত হয়।

ঘৰ, গাড়ী, হাস্পতাল, স্কুল আদিকে ধৰি বহু প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হোৱা এই বিস্ফোৰণৰ কাৰণ আছিল ২৭৫০ টনতকৈও অধিক এম’নিয়াম নাইট্ৰেট। চহৰখনৰ এটা বন্দৰৰ গুদামত ৰখা হৈছিল এই সামগ্ৰীখিনি।

কিন্তু অসুৰক্ষিতভাৱে এম’নিয়াম নাইট্ৰেটখিনি থকাৰ বাবেই এই দুৰ্ঘটনা হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে চৰকাৰে কোনো সন্ত্ৰাসবাদী সংগঠন ইয়াৰ আঁৰত থকাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনলৈ হঠাতে নামি অহা বিপদৰ সময়ত বহুকেইখন দেশেই বিভিন্ন দিশৰ পৰা সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

You might also like