নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেডিকেল কলেজৰ মহিলা হোষ্টেলত হস্তমৈথুন; গ্ৰেপ্তাৰ যুৱক, নিৰাপত্তাহীনতাত স্বাস্থ্যকৰ্মী

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ পুনৰ এবাৰ উত্তাল কলকাতা মেডিকেল কলেজ। এইবাৰ উত্তেজনাৰ স্থান মেডিকেল কলেজৰ মহিলা হোষ্টেল। মঙলবাৰে মাজ নিশা মহিলা হোষ্টেলৰ ভিতৰত জুনিয়ৰ চিকিৎসকক অশালীন আচৰণ কৰাৰ উপৰি তেওঁলোকৰ সন্মুখতে হস্তমৈথুন কৰাৰ অভিযোগ উঠিল এজন যুৱকৰ বিৰুদ্ধে। ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্র মতে, মঙলবাৰ নিশা ১২ বজাত ৩ তলাৰ ওপৰত উঠি যায় পিন্টু ৰায় নামৰ যুৱকজন। সেই স্থানত উপস্থিত হৈয়ে এই দুষ্কাৰ্য কৰে যুৱকজনে। পাছত তেওঁক বহুকেইগৰাকী পিজিটি আৰু জুনিয়ৰ চিকিৎসকে দেখি চিঞৰ-বাখৰ আৰম্ভ কৰে।

মহিলা হোষ্টেলৰ পৰা অহা এই আতংকিত চিঞৰে পলকতে উত্তাল কৰি তোলে ঘটনাস্থলী। পাছত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰে।

কিন্তু প্রশ্ন হয়, নিৰাপত্তাৰক্ষী থকা সত্ত্বেও নিশা ১২ বজাত মহিলা হোষ্টেলৰ ভিতৰত কেনেকৈ সোমাল এই যুৱক? ঘটনাৰ পাছতে হোষ্টেলৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ সকলোৱে একেমুখে প্রশ্ন তুলিছে। লগতে এনে দুষ্কাৰ্যৰ পাছতে সৰৱ হৈ পৰিছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল।

হাস্পতালখনৰ এজন বিষয়াই কৈছে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চিচি টিভি ফুটেজৰ ওপৰত ভিত্তি কৰি তদন্ত অব্যাহত ৰাখিছে।

You might also like